ETV Bharat / state

AAP Assam resignation: ৰঙিয়াত মাত্ৰ ১০ জন সদস্য়ই দল ত্য়াগ কৰা বুলি দাবী আপৰ - আম আদমী পাৰ্টী

ৰঙিয়াত আম আদমী পাৰ্টীৰ পাঁচ শতাধিক সদস্যই পদত্যাগ কৰাৰ পিছত সংবাদমেল সম্বোধন আপৰ ৰঙিয়া বিধান সমষ্টিৰ সভাপতি আৰু সম্পাদকৰ ।

Press Meet of Rangia AAP
আম আদমী পাৰ্টী
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:10 PM IST

আম আদমী পাৰ্টী

ৰঙিয়া, ১২ছেপ্টেম্বৰঃ ৰঙিয়াত আম আদমী পাৰ্টীৰ পাঁচ শতাধিক সদস্যই পদত্যাগ কৰাৰ পিছত এই সন্দৰ্ভত মঙলবাৰে সংবাদমেল সম্বোধন কৰে আপ দলৰ ৰঙিয়া বিধান সমষ্টিৰ সভাপতি আৰু সম্পাদকে । ৰঙিয়াত আম আদমী পাৰ্টীৰ কেবাজনো নতুন আৰু পুৰণি সদস্যই দলৰ পৰা পদত্যাগ কৰাৰ পিছতে সমগ্ৰ বিষয়ত মুখ খোলে দলৰ ৰঙিয়া বিধানসভা সমষ্টি সমিতিয়ে । যি কেইজন সদস্যই দল ত্যাগ কৰি নতুন সমিতিখন নীতি বহিৰ্ভূতভাৱে হোৱা বুলি কৈছে সেয়া সম্পূৰ্ণ ভিত্তিহীন আৰু মনেসজা কথা বুলি সমষ্টি সমিতিয়ে উল্লেখ কৰে ।

বৰ্তমানৰ সমিতিখন নীতি-নিয়মৰ মাজেৰে গঠন কৰা হৈছে বুলি মন্তব্য কৰে সভাপতি ৰূপক দাসে । ৰঙিয়া বিধানসভাৰ সভাপতিগৰাকীয়ে কয় যে তেওঁলোকে ৫০০ জন বুলি কৈছে সেয়া মিছা কথা । মাত্ৰ ১০/১২ জন সদস্য়ই দল ত্য়াগ কৰিছে আৰু তেওঁলোকৰ মাত্ৰ এজনহে দলৰ কমিটীৰ । বৰ্তমানৰ সেইজন হ'ল উপ-সভাপতি বাবুল কাকতি আৰু বাকী সকলো দলৰ প্ৰাক্তন সদস্য ।

আনহাতে,সভাপতিগৰাকীয়ে কয় যে দলৰ ৰাজ্যিক কমিটীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে দলে বিজেপিৰ হৈ কাম কৰিছে । সেয়া হ'লে দলে বৰ্তমানৰ INDIA ত চামিল নহ'লহেতেন বুলি তেওঁ কয় । আম আদমী পাৰ্টীয়ে বিজেপি দলৰ অপশাসনৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু প্ৰতিবাদ কৰি আহিছে । সদায় কৰি যাব বুলি কয় ৰঙিয়া সমষ্টিৰ সভাপতি আৰু সম্পাদকদ্বয়ে । তেওঁলোকে পদত্যাগ কৰা কৰ্মীসকলক পুনৰ দললৈ ঘুৰি আহিবলৈ জনায় ।

উল্লেখ্য় যে কালি ৰঙিয়া প্ৰেছ ক্লাবত সংবাদ মেলযোগে সমূহীয়া পদত্যাগৰ কথা ঘোষণা কৰে পদত্যাগী আপ অসমৰ নেতা-কৰ্মী সকলে ৷ এই সকল কৰ্মীয়ে আপৰ নেতা অৰবিন্দ কেজৰিৱালৰ আদৰ্শৰ প্ৰতি মোহিত হৈ দলত যোগদান কৰিছিল যদিও ৰাজ্যত যি সকল লোকে নেতৃত্ব লৈ আছে সেই সকল লোকৰ কৰ্ম দক্ষতাৰ ওপৰত সন্দেহ সৃষ্টি হোৱাত সোমবাৰে নেতা-কৰ্মীসকলে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য় কৰিছে ।

লগতে পঢ়ক:Erosion in AAP Assam : ৰঙিয়াত আপ অসমত খহনীয়া; ৩ গৰাকী উপ-সভাপতি সহ পদত্যাগ ৫০০ ৰো অধিক কৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.