ETV Bharat / state

আমিনগাঁও তোলাৰাম বাফনা হাস্পতালত প্ৰমাণ পত্ৰৰ ছিণ্ডিকেট - তোলাৰাম হাস্পতাল

বিকলাংগক প্ৰমাণ পত্ৰ দিয়াৰ নামত ডাক্টৰ জ্যোতিৰ্ময় দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ ৷ প্ৰতিখন প্ৰমাণ পত্ৰৰ বাবদ ১০০০ৰ পৰা ৭০০০ টকালৈ লোৱাৰ অভিযোগ তুলিলে খোদ বিকলাংগই ৷

আমিনগাওঁ তোলাৰাম হাস্পতালত প্ৰমাণ পত্ৰৰ ছিণ্ডিকেট
author img

By

Published : Jul 13, 2019, 12:37 PM IST

কামৰূপ,13 জুলাইঃ আমিনগাঁও তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত বিকলাংগ প্ৰমাণ পত্ৰ ছিণ্ডিকেটৰ অভিযোগ । বিকলাংগক চৰকাৰী চিকিৎসালয়ৰ প্ৰমাণ পত্ৰ দিয়াৰ বিনিময়ত চিকিৎসকে ১০০০ৰ পৰা ৭০০০ টকা পৰ্যন্ত লোৱাৰ অভিযোগ তুলিছে খোদ বিকলাংগই । তোলাৰাম বাফনাৰ চিকিৎসক জ্যোতিৰ্ময় দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ দুগৰাকী বিকলাংগৰ ।

আমিনগাওঁ তোলাৰাম হাস্পতালত প্ৰমাণ পত্ৰৰ ছিণ্ডিকেট

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ বিকলাংগ আঁচনিৰ অন্তৰ্ভুক্ত হ'বলৈ লাগে চৰকাৰী বিকলাংগৰ প্ৰমাণ পত্ৰ । প্ৰমাণ পত্ৰ বিচৰাত ডাঃ জ্যোতিৰ্ময় দাসে ৭০০০ টকা বিচৰাৰ অভিযোগ একাংশৰ । ৭০০০ টকা দিব নোৱাৰি বিকলাংগৰ পৰিয়ালে একোখন প্ৰমাণ পত্ৰৰ বিনিময়ত ১০০০ টকাকৈ পৰিশোধ কৰে ৷ এনেদৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিতেই হৈ থকা লুন্ঠনৰাজক লৈ এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ ৷

লগতে পঢ়কঃ শদিয়াৰ পৰা ধুবুৰীলৈ যেনিয়েই চায় কেৱল বানৰ বিভীষিকা

Intro:*SLUG= AMINGAON BIKALANGA CERTIFICATE SINDICATE*

👉আমিনগাওঁ তোলাৰাম হস্পিতালত প্ৰমান পত্ৰৰ ছিণ্ডিকেট ।
👉প্ৰতিখন প্ৰমান পত্ৰৰ বাবদ চিকিৎসক দিব লাগে ১০০০ৰ পৰা ৭০০০ টকালৈ ।
👉বিকলাঙ্গক প্ৰমান পত্ৰ দিয়াৰ নামত ডাক্টৰ জৌতিৰ্ময় দাসৰ ৰমৰমীয়া বেহা ।

Body:SCRIPT= আমিনগাওঁ তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত বিকলাঙ্গ প্ৰমান পত্ৰৰ ছিণ্ডিকেট । বিকলাঙ্গক প্ৰমান পত্ৰ দিয়াৰ নামত ডক্টৰে চলাইছে বৃহৎ ছিণ্ডিকেটৰাজ । একোজন বিকলাঙ্গক চৰকাৰী চিকিৎসালয়ৰ ডক্টৰে প্ৰমান পত্ৰ দিয়াৰ বিনিময়ত লয় ১০০০ৰ পৰা ৭০০০ টকা প্ৰৰ্যন্ত । প্ৰতিখন প্ৰমান পত্ৰৰ বাবদ চিকিৎসকক দিব লাগে ১০০০ৰ পৰা ৭০০০ টকালৈ । তোলাৰাম বাফনাৰ চিকিৎসক জৌতিৰ্ময় দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ দুগৰাকী বিকলাঙ্গৰ । ৰাজ্য চৰকাৰে হাতত লোৱা বিকলাঙ্গ আঁচনিৰ অন্তৰ্ভূক্ত হ'বলৈ লাগে বিকলাঙ্গৰ প্ৰমান পত্ৰ । তাৰ বাবে বিকলাঙ্গৰ প্ৰমান পত্ৰ বিচাৰি আহিল তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত । প্ৰমান পত্ৰ দিয়াৰ নামত এই গৰাকী ডক্টৰ জৌতিৰ্ময় দাসক লাগে ৭০০০ টকা । ৭০০০ টকা দিব নোৱাৰি দুয়োজন বিকলাঙ্গৰ পৰিয়ালৰ লোকে দিলে একোখন প্ৰমান পত্ৰৰ নামত ১০০০ টকা Conclusion:দিৰ্ঘদিনৰ পৰাই তোলাৰাম বাফনাত চলি আহিছে প্ৰমান পত্ৰৰ নামত ৰমৰমীয়া বেহা । প্ৰশ্ন হয় একোজন চৰকাৰী চিকিৎসালয়ৰ ডক্টৰক বিকলাঙ্গৰ প্ৰমান পত্ৰ দিয়াৰ নামত টকা লোৱাৰ অধিকাৰ কোনে দিলে । এই ঘটনাৰ পোহৰলৈ অহাৰ পিছত এইজন ডক্টৰ জৌতিৰ্ময় দাসৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহন কৰিব চিকিৎসালয়খনৰ অধিক্ষক আৰু স্বাস্থ্য বিভাগে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিতে এইজন দুৰ্নিতিগ্ৰস্থ চিকিৎসকে কাৰ সাহত বলীয়ান হৈ মেলিছে প্ৰমান পত্ৰৰ নামত ধন ঘটাৰ জাল সেয়াহে অতিকৈ আশ্চ্যৰ্যকৰ বিষয় ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.