ৰঙিয়া,25জুলাইঃ ৰঙিয়াৰ গৰু বজাৰৰ সমীপৰ ৰঙালী শিশু উদ্যান পাৰ্কৰ পুখুৰীত উদ্ধাৰ এজন শিক্ষকৰ মৃতদেহ । হিমাংশু কলিতা নামৰ শিক্ষক জনৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে SDRF বাহিনীয়ে । ইপিনে পাৰ্ক খনৰ পুখুৰীৰ পাৰত উদ্ধাৰ হৈছে হিমাংশু কলিতাৰ ম'বাইল ফোন, মানিবেগ আৰু চেণ্ডেল।
জানিবপৰা মতে ৰঙিয়াৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক আছিল হিমাংশু কলিতা। শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰঙিয়াৰ গৰু বজাৰৰ সমীপৰ যুৱকজন । শনিবাৰে পুৱতি নিশা হিমাংশু কলিতাৰ ঘৰৰ সমীপৰে পাৰ্কৰ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । মানসিক অশান্তিত ভুগি শিক্ষকগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছে বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ জনীয়া সমষ্টিৰ শতাধিক গাঁও এতিয়াও জলমগ্ন