ETV Bharat / state

জাল নোট আৰু নকল সোণসহ কমলপুৰ আৰক্ষীৰ জালত এজন - কমলপুৰ

কলাজলত জাল নোট আৰু নকল সোণৰ সৈতে আটক এগৰাকী প্ৰৱঞ্চক । কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল কুমাৰ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে চন্দ্ৰোদয় ধাবাত অভিযান চলায় আটক কৰিবলৈ সক্ষম হয় প্ৰৱঞ্চক গৰাকীক ।

জাল নোট আৰু নকল সোণসহ এজন আটক
author img

By

Published : Jul 15, 2019, 8:39 PM IST

কমলপুৰ,15 জুলাই : কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কলাজলত জাল নোট আৰু নকল সোণৰ সৈতে আটক এগৰাকী প্ৰৱঞ্চক । গোপন সূত্ৰৰ পম খেদি কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল কুমাৰ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে চন্দ্ৰোদয় ধাবাত অভিযান চলায় আটক কৰিবলৈ সক্ষম হয় প্ৰৱঞ্চক গৰাকীক । ধৃত জাহিৰ খান নামৰ বিহাৰৰ প্ৰৱঞ্চক গৰাকীক আটক কৰাৰ লগতে আৰক্ষীয়ে লোকজনৰ পৰা কেইবাটাও পাঁচশ টকীয়া জাল নোটৰ বাণ্ডিল,নকল সোণৰ বিস্কুট আৰু এখন মটৰ চাইকেল জব্দ কৰে ৷

জাল নোট আৰু নকল সোণসহ এজন আটক

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি কলাজলৰ চন্দ্ৰোদয় ধাবাত প্ৰৱঞ্চক গৰাকীয়ে প্ৰৱঞ্চনা কৰাৰ বাবে খাপ পিটি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে লোকজনক ৷ ইপিনে জাহিৰ খান নামৰ প্ৰৱঞ্চকগৰাকীয়ে সৰ্থেবাৰী,লখৰা,লালমাটি আদি অঞ্চলত নিগাজীকৈ থাকিবলৈ লৈ প্ৰৱঞ্চনাৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তোলা বুলিও সদৰি কৰে আৰক্ষীয়ে। আনহাতে ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষীয়ে ১৭৮/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০ ধাৰাত এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।

Intro:Kamalpur Fraud Arrested With Fack Currency

V/O:---কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কলাজলত আজি জাল নোট আৰু নকল সোনৰ সৈতে এগৰাকী প্ৰবঞ্চক আটক । আৰক্ষী সুত্ৰই প্ৰকাশ কৰা অনুসৰি কলাজলৰ চন্দ্ৰোদয় ধাবাত প্ৰবঞ্চক গৰাকীয়ে প্ৰবঞ্চনা কৰাৰ বাবে খাপ পিটি থকা অবস্থাত আৰক্ষীয়ে প্ৰবঞ্চক গৰাকীক আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃনাল কুমাৰ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে প্ৰবঞ্চক গৰাকীক আটক কৰিবলৈ চন্দ্ৰোদয় ধাবাত
অভিযান চলায়। উক্ত অভিযানত আৰক্ষীৰ দলটোবে জাহিৰ খান (৫০) নামৰ প্ৰবঞ্চক গৰাকীক আটক কৰাৰ লগতে কেইবাটাও বাণ্ডিল কালাৰ স্কেন পাঁচশ টকীয়া নোটৰ বাণ্ডিল আৰু নকল সোনৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়। কমলপুৰ আৰক্ষীয়ে জানিব দিয়া অনুসৰি বিহাৰৰ বাসিন্দা জাহিৰ খানে অসমৰ সৰ্থেবাৰী, লখৰা, লালমাটি আদি অঞ্চলত নিগাজীকৈ থাকিবলৈ লৈ প্ৰবঞ্চনাৰ এক বৃহৎ নেটৱৰ্ক ৰাজ্য জুৰি গঢ়ি তুলিছে । অসাধু চক্ৰটোৱে সোনৰ বিস্কুট পথত পোৱা বা গাড়ীত পোৱা বুলি কৈ সাধাৰণ লোকৰ ওচৰত কম দামত বিক্ৰী কৰি প্ৰবঞ্চনা কৰে বুলি জানিব দিয়ে ধৃত প্ৰবঞ্চক গৰাকীয়ে। ইফালে স্কেন নোট সমুহ জাল নোট বুলি কৈয়ো প্ৰবঞ্চক গৰাকীয়ে অচল নোটৰ বিনিময়ত বিনিময় কৰে বুলিও সদৰি কৰে। আনহাতে বিহাৰকে ধৰি বহি ৰাজ্যৰ অসংখ্য এনে প্ৰবঞ্চক ৰাজ্য জুৰি পিয়াপিয়ি দিয়া বুলিও বিস্ফোৰক মন্তব্য আগবঢ়াই ধৃত প্ৰবঞ্চক গৰাকীয়ে। উল্লেখ যে আৰক্ষীয়ে ধৃত প্ৰবঞ্চক গৰাকীয়ে ব্যৱহাৰ কৰা এ এচ ০১ এক্স ১৫৪৯ নম্বৰৰ চুজুকি মটৰচাইকেল খনো জব্দ কৰিবলৈ সক্ষম হৈছে। ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষীয়ে ১৭৮/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০ ধাৰাত এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে ।
Body:
Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.