ETV Bharat / state

এডাল জৰাজীৰ্ণ বাঁহঃ ওলমি ৰৈছে 11 হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ - জৰাজীৰ্ণ বিদ্যুৎ পৰিবাহী তাঁৰ সংলগ্ন খুটা

এটা জৰাজীৰ্ণ বিদ্যুৎ পৰিবাহী তাঁৰ সংলগ্ন খুটাক লৈ শংকাত ভুগিছে বাইহাটা চাৰিআলিৰ সমীপবৰ্তী শালমাৰ অঞ্চলৰ স্থানীয় লোক সকল ৷ যিকোনো মূহুৰ্ততে অঘটন ঘটাব পাৰে সেই জৰাজীৰ্ণ বিদ্যুৎ পৰিবাহী তাঁৰ সংলগ্ন বাঁহৰ খুটাই ৷

a dangerous electricity bamboo post in baihata chariali

author img

By

Published : Jul 2, 2020, 12:53 PM IST

বাইহাটা, 2 জুলাইঃ সংকটজনক অৱস্থাত আছে বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী শালমাৰ অঞ্চলৰ এটা বিদ্যুতৰ খুটা ৷ এডাল জৰাজীৰ্ণ বাঁহৰ ওপৰত বৰ্তি আছে 11 হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ ৷ যাক লৈ এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ৷

এডাল জৰাজীৰ্ণ বাঁহঃ ওলমি ৰৈছে 11 হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ

অসম শক্তি বিতৰণ কোম্পানী, বাইহাটা চাৰিআলি সংমণ্ডলৰ অধীনত বিগত বৰ্ষৰ খৰালিতে স্থাপন কৰা হৈছিল বিদ্যুৎ পৰিবাহী তাঁৰ সংলগ্ন বাঁহৰ খুটাতো ৷ সম্প্ৰতি শালমাৰাৰ গোঁসাই ডোভা চুবুৰীৰ কাষৰ পথাৰৰ মাজৰে যোৱা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ সংলগ্ন খুটাতো আছে জৰাজীৰ্ণ অৱস্থাত ৷ তললৈ ওলমি ৰৈছে বিদ্যুৎ পৰিবাহী তাঁৰবোৰো ৷ যিয়ে শংকা নমাই আনিছে মানুহ লগতে জীৱ-জন্তুলৈয়ো ৷ সম্প্ৰতি প্ৰাণৰ শংকাত ভোগা স্থানীয় লোকে চৰকাৰৰ ওচৰত আহ্বান জনাইছে ইয়াৰ এক বিকল্প ব্যৱস্থা অতি শীঘ্ৰেই গ্ৰহণ কৰিবলৈ ৷

লগতে পঢ়কঃ চিৰাঙত আই নদীৰ গৰাখহনীয়াৰ ভয়াৱহ ৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.