ETV Bharat / state

পানীৰ মাজত উদযাপন ৭৩ সংখ্যক স্বাধীনতা দিৱস - বকো

ছয়গাঁও সমষ্টিৰ চাম্পুপাৰা পথাৰ প্ৰাথমিক বিদ্যালয়ত জলমগ্ন স্থানত উত্তোলন জাতীয় পতাকা ৷

73-rd-independence-day
author img

By

Published : Aug 15, 2019, 8:50 PM IST

বকো, 15 আগষ্টঃ ৰাজ্যজুৰি পালন ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, বিদ্যালয় আদিত পুৱাৰ ভাগতে উত্তোলন কৰা হয় জাতীয় পতাকা । কিন্তু পৰিতাপৰ বিষয় ছয়গাঁও সমষ্টিৰ চাম্পুপাৰা পথাৰ প্ৰাথমিক বিদ্যালয়ত জলমগ্ন স্থানতে জাতীয় পতাকা উত্তোলন কৰিবলৈ বাধ্য হয় বিদ্যালয়খনৰ শিক্ষক, কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ।

পানীৰ মাজত উদযাপন ৭৩ সংখ্যক স্বাধীনতা দিৱস

প্ৰায় এমাহ আগতে হৈ যোৱা বানপানীৰ পিচতো বিদ্যালয়খনৰ বাকৰিত বৰ্তমানো জমা হৈ আছে পানী ৷ দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ বাকৰিত মাটি পেলোৱাৰ বাবে অৰ্থ সাহায্য আবেদন কৰি আছে যদিও আজি পৰ্যন্ত সেয়া সম্ভৱ হৈ উঠা নাই । আনকি চাম্পুপাৰা পথাৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে বিদ্যালয়খনৰ বাকৰিত মাটি পেলোৱাৰ আশ্বাস দিছিল যদিও আশ্বাস কেৱল আশ্বাসেই হৈ আছে । যাৰ বাবে পানীত থিয় হৈ এইদৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে উত্তোলন কৰিবলগীয়া হৈছে জাতীয় পতাকা । আনহাতে এখন সৰু বাহৰ দলঙৰে দীৰ্ঘদিন ধৰি বিপদসংকূল যাত্ৰা কৰি আহিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.