ETV Bharat / state

ৰঙিয়া প্ৰশাসনৰ উদ্যোগত 72 তম গণৰাজ্য দিৱস উদযাপন

author img

By

Published : Jan 26, 2021, 11:08 AM IST

ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পলে ।

ৰঙিয়া প্ৰশাসনৰ উদ্যোগত 72 তম গণৰাজ্য দিৱস উদযাপন
ৰঙিয়া প্ৰশাসনৰ উদ্যোগত 72 তম গণৰাজ্য দিৱস উদযাপন

ৰঙিয়া,26 জানুৱাৰীঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মঙলবাৰে ৰঙিয়াতো 72 তম গণৰাজ্য দিৱস উদযাপন কৰা হয় ৷ ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পলে ।

ইপিনে মহকুমাধিপতি গৰাকীয়ে পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰঙিয়া মহকুমাৰ প্ৰতিটো বিভাগৰ উন্নয়ন মুলক কাম-কাজ তথা আঁচনি সমূহৰ এক খাতিয়ান দাঙি ধৰে । ইয়াৰ পিছতে মহকুমাধিপতি গৰাকীয়ে অসম আৰক্ষী, এনচিচি, স্কাউট এণ্ড গাইডৰ অভিবাদন গ্ৰহণ কৰে । আনহাতে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন খেল-ধেমালী তথা সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰে প্ৰশাসনে ।

লগতে পঢ়কঃ মাজুলীৰ সত্রীয়া সংস্কৃতিৰ সাধক গোপীৰাম বুঢ়াভকতলৈ পদ্মশ্ৰী সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.