গুৱাহাটী, 21 মাৰ্চ : ৰাজ্যখনত দিনক দিনে অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ নিষ্পত্তিহীন গোচৰৰ সংখ্যাও বৃদ্ধি পাব ধৰিছে । বিধানসভাত দিয়া শেহতীয়া তথ্য মতে ৰাজ্যখনৰ বিভিন্ন থানাত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা হৈছে ৫৯,৫৬৪ টা । আনহাতে, ৰাজ্যখনৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধেও বিভিন্ন থানাত ৰুজু হৈ বহুসংখ্যক গোচৰ । বিধানসভাত দিয়া তথ্য মতে ৰাজ্যৰ সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে নিষ্পত্তি নোহোৱাকৈ আছে ৭১ টা গোচৰ । অৱশ্যে ইয়াৰ ভিতৰত প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন বিধায়কো আছে (Unresolved cases of Assam MLA MP) ।
উল্লেখ্য যে, পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে বিধানসভাত লিখিত ৰূপত প্ৰশ্ন কৰে যে, ২০১৭ চনৰ পৰা অসমৰ কোন কোন বর্তমানৰ আৰু প্ৰাক্তন জনপ্ৰতিনিধিৰ বিৰুদ্ধে থানা আৰু আদালতত কিমান গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে । বিধানসভাত ইয়াৰ উত্তৰ দিয়ে গৃহ বিভাগে । গৃহ বিভাগৰ তথ্য মতে নিষ্পত্তিহীন গোচৰৰ তালিকাত বহুকেইজন শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক থকাৰ লগতে বিৰোধীৰো আছে বহুকেইজন বিধায়ক । সাংসদৰ বিৰুদ্ধেও আছে গোচৰ । আনকি প্ৰশ্ন কৰা বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ বিৰুদ্ধেও জালুকবাৰী থানাত ৰুজু হৈ আছে গোচৰ (Cases registered against Assam Politicians) ।
গৃহ বিভাগৰ তথ্য অনুসৰি নিষ্পত্তি নোহোৱাকৈ সৰ্বাধিক গোচৰ ৰুজু হৈ আছে হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে । প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে থকা নিষ্পত্তিহীন গোচৰৰ সংখ্যা হৈছে ১৬ টা । আনহাতে, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে বশিষ্ঠ আৰু দিছপুৰ থানাত আছে দুটা নিষ্পত্তিহীন গোচৰ (Unsolved cases against Congress Politicians)।
সেইদৰে সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নিষ্পত্তি নোহোৱাকৈ ৩ টা গোচৰ আছে । আনহাতে এ আই ইউ ডি এফৰ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৪ টা, বিজেপিৰ বিধায়ক নৱ দলেৰ বিৰুদ্ধে ১ টা, বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে ১টা, কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক দুর্লভ চমুৱাৰ বিৰুদ্ধে ১টা, কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে ৬ টা, বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ১টা নিষ্পত্তিহীন গোচৰ আছে। একেদৰে প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ বিৰুদ্ধে ৪ টা, দিলীপ পালৰ বিৰুদ্ধে ১টা, অকণ বৰাৰ বিৰুদ্ধে ১টা নিষ্পত্তিহীন গোচৰ আছে (unsolved cases against BJP MLA MP) ।
প্রাক্তন মন্ত্রী তথা কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে থকা নিষ্পত্তিহীন গোচৰৰ সংখ্যা হৈছে ৪ টা । বিধায়ক হুছেইনৰ বিৰুদ্ধে দিছপুৰ, বশিষ্ঠ, ভঙাগড় আৰু নগাঁও থানাত গোচৰ ৰুজু হৈ আছে । বিধায়ক জয়ন্ত বসুমতাৰীৰ বিৰুদ্ধে ছিদলী থানাত আছে নিষ্পত্তিহীন গোচৰ । দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ বিৰুদ্ধেও দিছপুৰ থানাত ১ টা নিষ্পত্তিহীন গোচৰ আছে । আনহাতে, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে পল্টন বজাৰ থানাত নিষ্পত্তিহীন গোচৰ ৰুজু হৈ আছে (unsolved cases against AIUDF MLA MP) ।
লগতে পঢ়ক : Lok sabha 2024 : আজমলৰে মিত্ৰতা অবিহনে কংগ্ৰেছে আসন লাভ কৰাতো অসম্ভৱ; বিধায়ক শ্বেৰমানৰ দাবী
প্রাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে জালুকবাৰী থানাত আছে নিষ্পত্তিহীন গোচৰ । ইফালে ছিৰাজুদ্দিন আজমলৰ বিৰুদ্ধে ১ টা, নুৰুল হুদাৰ বিৰুদ্ধে ২ টা, ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ২ টা, নিজামুদ্দিন চৌধুৰীৰ বিৰুদ্ধে ৪ টা, ছুজাউদ্দিন লস্কৰৰ বিৰুদ্ধে ২ টা, আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে ১ টা, ৰাণা গোস্বামীৰ বিৰুদ্ধে ১ টা, প্ৰণৱ কলিতাৰ বিৰুদ্ধে ১ টা আৰু কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে ১ টা নিষ্পত্তিহীন গোচৰ আছে । ছিদ্দিক আহমেদৰ বিৰুদ্ধেও ৰুজু হৈ আছে নিষ্পত্তিহীন গোচৰ (71 unsolved cases against peoples representatives of Assam )।