কামৰূপ,13 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে চাংসাৰি আৰক্ষীৰ জালত পৰিল দুই দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি বৃহত্তৰ চাংসাৰি অঞ্চলত সন্ত্ৰাস চলাই গৈছিল চোৰ কেইজনে । যোৱা 15 ডিচেম্বৰত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী ৰখাই টকা কাঢ়ি নিয়া গোচৰৰ ভিত্তিত চাৰি দুধৰ্ষ চোৰ দুজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । আটকাধীন লোক দুজন হৈছে মনোৱাৰ আলি আৰু বাপুকন আলি ৷ বিভিন্ন ধৰণে চাংসাৰি অঞ্চলত সন্ত্ৰাস চলাই আছিল এই গেঙটোৱে বুলি উল্লেখ কৰে চাংসাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ।
ইয়াৰ লগতে চাংসাৰি বজাৰ অঞ্চলত সন্ত্ৰাস চলাই থকা অন্য তিনিজনকো চাংসাৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । আটকাধীন লোক কেইজন হৈছে মিনাৰুল আলি,জিন্টু লহকৰ আৰু ৰিজুল আলি ৷ চুৰি-ডকাইতি কাণ্ডেৰে অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল ৷
আনহাতে বাইহাটা চাৰিআলি আৰক্ষীৰ অভিযান আটক হয় দুই তীৰ ব্যৱসায়ী । কৰায়ত্ব হোৱা তীৰ ব্যৱসায়ী দুজন হৈছে ৰমজান আলি আৰু মন্টু আলি ৷ বহু পৰিয়ালক সৰ্বশ্ৰান্ত কৰা এই দুই তীৰ ব্যৱসায়ী অৱশেষত আৰক্ষীৰ জালত ।
বাইহাটা আৰক্ষীৰ অভিযান কালত তীৰ ব্যৱসায়ী দুজনক আটক কৰাৰ লগতে জব্দ কৰে বহু পৰিমাণৰ তীৰৰ টিকটৰ লগতে নগদ ধন । ইতিমধ্যে দুয়োজনৰ বিৰুদ্ধে বাইহাটা চাৰিআলি আৰক্ষীয়ে ৰমজান আলি আৰু মণ্টু আলিৰ বিৰুদ্ধে 37/2020 গোচৰ ৰুজু কৰি দুয়োজনকে আদালতলৈ প্ৰেৰণ কৰে ।