ETV Bharat / state

মহিলাসহ বেংক ডকাইতিত জড়িত তিনিজনক আটক - বন্ধন বেংক

কমলপুৰৰ বোৰ্কাস্থিত বন্ধন বেংকৰ পৰা যোৱা ৯ নৱেম্বৰত গুলি ফুটাই ডকাইতৰ দলে প্ৰায় ৬ লাখ ৪০ হাজাৰ টকা লুট কৰি নিছিল ৷ কমলপুৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখি জমিৰ খাতুন নামৰ মহিলা ডকাইতসহ মৰম আলী আৰু নুৰ হুছেইনক আটক কৰে ।

3 Docaite Arrested at Kamalpur
বন্ধন বেংকৰ ডকাইতিৰ লগত জড়িত তিনিজনক আটক
author img

By

Published : Nov 30, 2020, 11:02 AM IST

কমলপুৰ, 30 নৱেম্বৰ : কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বোৰ্কাস্থিত বন্ধন বেংকত সংঘটিত ডকাইতি কাণ্ডৰ সৈতে জড়িত এগৰাকী মহিলাসহ তিনি দুৰ্ধৰ্ষ ডকাইতক কমলপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । ডকাইতৰ দলটোৱে ৯ নৱেম্বৰত বন্ধন বেংকটোত গুলি ফুটাই প্ৰায় ৬ লাখ ৪০ হাজাৰ টকা লুট কৰি নিছিল ৷ কমলপুৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই ডকাইতি কাণ্ডৰ লগত জড়িত থকা অভিযোগত দুৰ্ধৰ্ষ মহিলা জমিৰ খাতুনক আটক কৰে ।

কমলপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত খণ্ডিকৰৰ আব্দুল ৰহিম পত্নী জমিৰ খাতুন আৰু তেওঁৰ পুত্ৰ এই চাঞ্চল্যৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল । কমলপুৰ আৰক্ষীয়ে মহিলা গৰাকীক আটক কৰাৰ লগতে এই ডকাইতি কাণ্ডৰ মাষ্টৰ মাইণ্ড মৰম আলি আৰু নুৰ হুছেইনকো আটক কৰিবলৈ সক্ষম হয় । ডকাইতৰ দলটোৱে দিন দুপৰতে বেংকৰ ভিতৰত গুলী ফুটাই তাণ্ডৱ সৃষ্টি কৰাৰ পাছতে অপৰাধীক কৰায়ত্ত কৰাৰ বাবে ব্যাপক অভিযান অব্যাহত ৰাখিছিল কামৰূপ আৰক্ষীয়ে ।

বন্ধন বেংকৰ ডকাইতিৰ লগত জড়িত তিনিজনক আটক

কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত খণ্ডিকৰ নামৰ ঠাইৰ পৰা জমিৰ খাতুন, মৰম আলী আৰু নুৰ হুছেইন আটক কৰে । আৰক্ষীয়ে ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা দুখন মটৰ চাইকেলো জব্দ কৰে । আৰক্ষীয়ে বেংকটোৰ পৰা লুট হোৱা বৃহৎ পৰিমাণৰ ধন ৰাশিৰ প্ৰায় ত্ৰিশ হাজাৰ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ডকাইতি কাণ্ডত আৰু অধিক ব্যক্তি জড়িত থকাৰ সন্দেহত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: নলবাৰীৰ ৰাস মহোৎসৱ উদ্বোধন কৰিলে সাংসদ দিলীপ শইকীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.