কামৰূপ,26মেঃ ৰাজ্যজুৰি কৰ'ণা ভাইৰাছৰ ভয়াৱহ ৰূপ ৷ নিতৌ বৃদ্ধি হৈছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । তাৰমাজতেই ৰাইজৰ মাজত সজাগতা আনিবলৈ চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে অহৰহ অব্যাহত ৰাখিছে প্ৰচেষ্টা । কোনোৱে যদি কৰ'ণাক লৈ কবিতা লিখিছে আন কোনোৱে গাইছে গান ।
উত্তৰ গুৱাহাটী ৰংমহল আঠগাঁৱত এক ব্যতিক্ৰমী প্ৰয়াস কণমানি জ্যোতিময় লেখাৰুৰ ৷ নাগাৰা নামেৰে ৰাইজক সজাক কৰাৰ চেষ্টা চলাইছে জ্যোতিময়ে । উল্লেখযোগ্য যে, নাগাৰা নামটোৰ জৰিয়তে জ্যোতিময়ে সামাজিক ব্যৱধান বজাই ৰখাৰ লগতে মাস্ক পৰিধান আৰু ঘনাই হাত ধুৱলৈও আহ্বান জনাইছে ৷
লগতে পঢ়কঃ কৰ’ণাতংকৰ মাজতে মহানগৰীত পালন পৱিত্ৰ ঈদ