ETV Bharat / state

এডভান্টেজ অসমৰ চমকঃ বাইহাটাত একেদিনাই 1 হাজাৰ শ্ৰমিকক চাটাই

author img

By

Published : Feb 12, 2020, 9:55 PM IST

চাংসাৰীৰ হেভেলচ্ উদ্যোগত এহেজাৰৰো অধিক কৰ্মচাৰীক একেদিনাই চাটাই কৰাৰ অভিযোগ একাংশ শ্ৰমিকৰ৷ উদ্যোগটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বুধবাৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে ৷

এডভান্টেজ অসমৰ চমকঃ বাইহাটাত একেদিনাই 1 হাজাৰ শ্ৰমিকক চাটাই
এডভান্টেজ অসমৰ চমকঃ বাইহাটাত একেদিনাই 1 হাজাৰ শ্ৰমিকক চাটাই

বাইহাটা, 12 ফেব্ৰুৱাৰীঃ কামৰূপৰ চাংসাৰিৰ হেভেলচ্ উদ্যোগত বুধবাৰে উত্তপ্ত পৰিস্থিতি । উদ্যোগটোৰ পাচঁ শতাধিক শ্ৰমিকৰ প্ৰতিবাদত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় উদ্যোগ চৌহদত । তিনি বছৰ পূৰ্বে চাংসাৰীত স্থাপন হোৱা বহুজাতিক উদ্যোগটো শেহতীয়া ভাৱে বন্ধ কৰি দিয়াৰ চক্ৰান্ত কৰাৰ অভিযোগ তুলিছে প্ৰতিবাদী শ্ৰমিকসকলে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভুল নীতিৰ বাবে উদ্যোগটো বন্ধ হোৱাৰ উপক্ৰম হোৱা বুলি সন্দেহ প্ৰতিবাদী শ্ৰমিকসকলৰ ।

একেদিনাই 1 হাজাৰ শ্ৰমিকক চাটাই

বুধবাৰে উদ্যোগটোৰ চৌহদত সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ,উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী মুৰ্দাবাদ ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে প্ৰতিবাদী শ্ৰমিকসকলে । উদ্যোগটোৰ মেচিন সমুহ বহিৰাজ্যলৈ স্থানান্তৰিত কৰাৰ যো জা আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে। যাৰ বাবে একেদিনাই এহেজাৰৰো অধিক শ্ৰমিকক পদত্যাগ কৰিবলৈ উদ্যোগ কৰ্তৃপক্ষই বাধ্য কৰাৰ অভিযোগ শ্ৰমিক সকলৰ । শীঘ্ৰেই শ্ৰমিকৰ সমস্যা সমাধান নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদ কাৰীসকলে ।

লগতে চাওকঃপুনৰ বৃদ্ধি হ’ল ৰাজ্যসাহায্য বিহীন চিলিণ্ডাৰৰ দাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.