গুৱাহাটী,29 ফেব্ৰুৱাৰীঃ সম্প্ৰতি কিছু পৰিমাণে সুস্থ হৈ উঠিছে ৰাজ্যবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ৷ নেমকেয়াৰ পৰিচালক সঞ্চালক হিতেশ বৰুৱাই জানিবলৈ দিয়া অনুসৰি এতিয়া সম্পূৰ্ণ সুস্থ জুবিন ৷ অতিমাত্ৰা টোপনি ক্ষতি আৰু বিৰামহীন কামৰ বাবেই শাৰীৰিক ভাবে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ ৷ পৰ্যবেক্ষণৰ বাবে তেখতেক এতিয়াও আইচিইউত ৰাখি থোৱা হৈছে যদিও চিন্তাৰ কোনো কাৰণ নাই বুলি জনিবলৈ দিয়ে নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক গৰাকীয়ে ৷ সম্প্ৰতি হাস্পতালৰ পৰা মুকলি কৰি দিয়া নহয় জুবিনক ৷ আনহাতে, শনিবাৰে পুৱাৰে পৰা জুবিনৰ অনুৰাগী তথা শিল্পী কুশলী সকলে তেখেতৰ খবৰ লোৱাৰ বাবে নেমকেয়াৰ হাস্পাতালত উপস্থিত হয় ৷ অভিনেত্ৰী চেতনা দাসে জুবিনক লগ কৰি অহাৰ পিছতে জানিবলৈ দিয়ে যে তেওঁ বৰ্তমান ঠিকেই আছে ৷ চেতনা দাসক দেখি জুবিনে বহু কাম কৰিবলৈ এতিয়াও বাকী আছে বুলি কোৱা বুলি জনায় অভিনেত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, শুকুৰবাবে গুৱাহাটী টাউন ক্লাৱৰ এক অনুষ্ঠানৰ মাজতে হঠাতে ঢলি পৰিছিল জুবিন গাৰ্গ ৷ ইয়াৰ পিছতেই তেখেতক ততাতৈয়াকৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় ৷ আনহাতে, জুবিন গাৰ্গক প্ৰাথমিক পৰ্যায়ৰ পৰিচাৰ্যা কৰি আঙুলিত দুখ পাইছিল কাঞ্চনজংঘাৰ প্ৰযোজক শ্যামন্ত গৌতমে ৷ সেই মুহূৰ্তত পৰি যোৱাৰ ফলত জুবিন গাৰ্গে মুখত বেয়াকৈ আঘাত প্ৰাপ্ত হৈছিল ৷ যাৰ ফলত মুখখন ফুলি গৈছিল তেওঁৰ ৷ বৰ্তমান সুস্থিৰ অৱস্থাত আছে জুবিন গাৰ্গ ৷ অসুস্থ অৱস্থাতে জুবিন গাৰ্গে কাকপথাৰৰলৈ তেওঁৰ নামত উন্মোচন হ’ব লগা দলঙৰ উদ্বোধনৰ বাবে যোৱাৰ কথা বাৰে বাৰে পৰিয়াল আৰু বন্ধুবৰ্গক কৈ থকা বুলি জানিব দিয়ে শ্যামন্ত গৌতমে ৷