গুৱাহাটী, 29 আগষ্ট : আকৌ বিতৰ্কত নাম সাঙোৰ খাইছে গায়ক জুবিন গাৰ্গৰ । লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদক 'ফটুৱা’ আখ্যা দি বিতৰ্কত সোমাই পৰাই নহয় কঠোৰভাৱে সমালোচিত হৈছে হাৰ্ট থ্ৰ’বগৰাকী ৷ সোমবাৰে সন্ধিয়া কটন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়ায় জনপ্ৰিয় গায়কজনে ।
কটন বিশ্ববিদ্যালয়ে আয়োজন কৰা এক অনুষ্ঠানত সোমবাৰে সন্ধিয়া অংশগ্ৰহণ কৰিছিল জুবিন গাৰ্গে ৷ কা বিৰোধী আন্দোলন প্ৰসংগত নিজকে অৰাজনৈতিক ব্যক্তি বুলি আগবঢ়োৱা মন্তব্যৰ মাজতে অসম জাতীয় পৰিষদৰ প্ৰতি তাচ্ছিল্যসূচক মন্তব্য আগবঢ়ায় গায়কজনে ৷ নিজকে 'ছ’চিয়েল লেফ্টিষ্ট' দাবীৰে কা আন্দোলনত অংশ লৈ পৰৱৰ্তী সময়ত ৰাজনৈতিক দল গঠন কৰাসকলৰ বিৰুদ্ধে সৰৱ হৈ উঠা পৰিলক্ষিত হয় জুবিন গাৰ্গে ।
লক্ষণীয় বিষয় যে, তাচ্ছিল্যৰ সুৰত অসম জাতীয় পৰিষদক 'ফটুৱা' আখ্যা দিয়ে জুবিনে । গায়কগৰাকীৰ সৈতে একেলগে আন্দোলন কৰি পৰৱৰ্তী সময়ত দল গঠন কৰাৰ বাবেই অজাপক 'ফটুৱা' আখ্যা দিয়ে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় সংবাদ মাধ্যমৰ আগত ৷ জুবিনৰ এই মন্তব্যৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
আঞ্চলিক ৰাজনৈতিক দলটোৰ উপ সভাপতি দুলু আহমেদে গায়কগৰাকীৰ বক্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “জুবিন গাৰ্গক ৰিহেব চেন্টাৰত চিকিংসাৰ প্ৰয়োজন’ ৷ কিন্তু এতিয়ালৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত আছে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ ।
উল্লেখ কৰা প্ৰয়োজন যে, সময়ে সময়ে স্থিতি সলায় থকা তথা বিভিন্ন সময়ত ভিন্ন প্ৰসংগত গায়কজনৰ এই মন্তব্যৰ বিৰুদ্ধে নেটিজেনে সমালোচনাৰে থকা-সকৰকা কৰা পৰিলক্ষিত হৈছে হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গক ৷
লগতে পঢ়ক : Assam BJP internal clash: সভাপতিৰ সাৱধানবাণী; কোনো কাৰণতে সংবাদ মাধ্যমৰ আগত একো ক’ব নোৱাৰি বিজেপি কৰ্মীয়ে