ETV Bharat / state

চতুৰ জ’ৰামথাংগা: ক'ভিডৰ দোহাই দি নগ’ল দিল্লীৰ বৈঠকলৈ

author img

By

Published : Jul 28, 2021, 6:27 PM IST

দেহত ক’ভিড-19 ধৰা পৰা বুলি অজুহাত দি দিল্লীত অনুষ্ঠিত হ’বলগীয়া বৈঠকত উপস্থিত থাকিব নোৱাৰিব বুলি জনাই মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰামথাংগাই ৷ মিজোৰাম আৰক্ষীৰ প্ৰকৃত স্বৰূপ দিল্লীত ওলাই পৰাৰ ভয়ত কৌশলেৰে ত্ৰিপাক্ষিক বৈঠকলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰামথাংগা ।

zoramthanga-not-to-attend-delhi-meeting-for-because-of-covid-19
চতুৰ জ’ৰামথাংগাঃ ক'ভিডৰ দোহাই দি নগ’ল দিল্লীৰ বৈঠকলৈ

গুৱাহাটী, 28 জুলাই: অসমৰ ছজনকৈ আৰক্ষীৰ জোৱানক গুলিয়াই হত্যা কৰা মিজোৰাম আৰক্ষীৰ প্ৰকৃত স্বৰূপ দিল্লীত ওলাই পৰাৰ ভয়ত কৌশলেৰে ত্ৰিপাক্ষিক বৈঠকলৈ নগ'ল মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰামথাংগা । বুধবাৰে পুৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনা সন্দৰ্ভত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিছিল । যিখন বৈঠকলৈ দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক মাতি নিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ।

এই বৈঠকৰ পিছতে বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ এখন জৰুৰী ত্ৰিপাক্ষিক বৈঠকৰ আয়োজন কৰে । এই বৈঠকত উপস্থিত থাকিবলৈ জৰুৰীভাৱে তলব কৰা হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰামথাংগাক । কিন্তু চতুৰ জ’ৰামথাংগাই দিল্লীক জনাই যে, সম্প্ৰতি তেওঁৰ শৰীৰত ক'ভিড পজিটিভ ধৰা পৰাৰ বাবেই আইশ্ব'লেছনত থকাৰ হেতুকে কাইলৈৰ ত্ৰিপাক্ষিক বৈঠকত তেওঁ উপস্থিত থাকিব নোৱাৰিব ।

ইপিনে বুধবাৰে কেবিনেট বৈঠক শেষ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাও দিল্লীলৈ যোৱাৰ কথা আছিল । কিন্তু জ’ৰামথাংগা উপস্থিত থাকিব নোৱাৰে বুলি জনাই দিয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কাইলৈৰ এই ত্ৰিপাক্ষিক বৈঠক বাতিল কৰিবলৈ বাধ্য হয় ।

লগতে পঢ়ক:মিজোৰ গুলিত আৰক্ষীৰ মৃত্যু : ৰাজ্যত তিনিদিনীয়া শোক পালনৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.