ETV Bharat / state

Man Elephant conflict : বন্যহস্তীৰ সৈতে ল’ৰা ধেমালি কৰি আহত যুৱক - বন্যহস্তীৰ লগত ল’ৰা ধেমালি

আমছিং যোৰাবাটত আঘটন ৷ বন্যহস্তীৰ লগত ল’ৰা ধেমালি কৰিবলৈ গৈ আহত হ’ল সুৰাসক্ত যুৱক (Youth injured in wild elephant attack in Guwahati) ৷ অতি সংকটজনক অৱস্তাত GMCH ত ভৰ্তি আহত যুৱকক ৷ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই আহত যুৱকৰ পৰিচয় ৷

Man Elephant conflict
বন্যহস্তীৰ সৈতে ল’ৰা ধেমালি কৰি আহত যুৱক
author img

By

Published : Jul 23, 2022, 10:59 PM IST

গুৱাহাটী, 23 জুলাই : গুৱাহাটী মহানগৰীত ক্ৰমাৎ তীব্ৰতৰ হৈছে হাতী মানুহৰ সংঘাত (Man elephant conflict)। গুৱাহাটীৰ আশে পাশে থকা পাহাৰ তথা সংৰক্ষিত বনাঞ্চলসমূহত একাংশ অবিবেচক লোকৰ অবাধ বন ধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ ঘটিছে বন্য প্ৰাণীৰ (Elephant menace in Guwahati) । এনে কাৰ্যৰ পৰিণতিত হাতী মানুহৰ সংঘাতে ধাৰণ কৰিছে চূড়ান্ত ৰূপ ।

শনিবাৰে বিয়লি ভাগত আমছিং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে আমছিং যোৰাবাট বজাৰত বিচৰণ কৰাক কেন্দ্ৰ কৰি শংকিত হৈ পৰে অঞ্চলবাসী । আনকি বিয়লি প্ৰায় 3:30 বজাত আমছিং যোৰাবাটৰ শনি মন্দিৰৰ ওচৰত পেলনীয়া বয়-বস্তু খাই আছিল বন্যহস্তীটোৱে । তেনে সময়তে ন মাইল দিশৰ পৰা অহা AS 01 PC 1148 নম্বৰৰ ALTO বাহন এখন আহি বনৰীয়া হাতীটোৰ ওচৰত ৰয় ।

বন্যহস্তীৰ সৈতে ল’ৰা ধেমালি কৰি আহত যুৱক

তাৰ পিছত স্থানীয় লোকে বাহনখন সেই স্থানৰ আঁতৰাই নিবলৈ কোৱাত বাহনখনৰ চালকে বাহনখন কিছু নিলগত লৈ যায় । কিন্তু কিছু সময় পিছত এজন যুৱক বাহনখনৰ পৰা ওলাই আহি হাতীটোৰ সন্মুখত ৰয় । যুৱকজনে বন্যহস্তীটোক কিছু খাদ্য বস্তু দিবলৈ লোৱাৰ সময়তে হঠাৎ উগ্ৰমূৰ্তি ধাৰণ কৰে হাতীটোৱে ৷

তাৰ পাচত শুৰেৰে ধৰি হাতীটোৱে দলিয়াই দিয়ে যুৱকজনক (Youth injured in wild elephant attack in Guwahati)। স্বাভাৱিকতে এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকৰ মাজত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ । তাৰ পাচত উপস্থিত লোকসকলে হাতীটোক ফটকা ফুটাই, জুইৰ ভয় দেখুৱাই সেই স্থানৰ পৰা খেদি পঠিয়াই ৷

ইয়াৰ পিছত স্থানীয় লোকে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱকজনক অতি সংকজনক অৱস্থাত উদ্ধাৰ কৰি GMCH লৈ প্ৰেৰণ কৰে । স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে, আঘাতপ্ৰাপ্ত যুৱকজনকে ধৰি ALTO বাহনখনত আছিল চাৰিজন যুৱক ।

আটাইকেইজন যুৱকে ন মাইল দিশৰ পৰা সুৰাসক্ত অৱস্থাত চান্দমাৰী দিশলৈ গৈ আছিল ৷ তেনে সময়তে সংঘটিত হয় এই ঘটনাটো । অৱশ্যে বাতৰি লিখা পৰলৈ যুৱক কেইজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক : Man Elephant conflict: বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰাহৰণ ওদালগুৰিবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.