গুৱাহাটী, ৬ আগষ্ট: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। মহানগৰীৰ মঠঘৰীয়া এলেকাত সুৰামত্ত সহোদৰ ভাতৃয়ে কণিষ্ঠ ভাতৃক প্ৰথমে শিলৰে মৰিয়াই মৰিয়াই আঘাতপ্ৰাপ্ত কৰাৰ পাচত চুৰিৰে উপৰ্যুপৰি হানি খুচি নৃশংসভাৱে হত্যা কৰে।
নিজ ভাতৃৰ নৃশংস আক্ৰমণত কৰুণ মৃত্যুক আঁকোৱালি লয় ভাতৃ সুনীল ৰায়ে (২৮) ৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰা সুনীল ৰায়ৰ জেষ্ঠ ভাতৃ হীৰালাল ৰায়ক আৰক্ষীয়ে বাতৰি লিখাৰ পৰলৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ১১.৩০ বজাত মঠঘৰীয়াস্থিত নিজা গৃহত হীৰালাল ৰায়ে ধনৰ লেনদেনক লৈ কণিষ্ঠ ভাতৃ সুনীলৰ সৈতে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয়। তাৰ পিচত দুই ভাতৃৰ এই কাজিয়াই চৰম অৱস্থা পোৱাত অত্যাধিক সুৰাসক্ত হৈ থকা হীৰালাল ৰায়ে খঙৰ ভমকত কণিষ্ঠ ভাতৃক শিলেৰে উপৰ্যুপৰি আক্ৰমণ কৰে। শিলৰ আক্রমণত মাটিত ঢলি পৰাৰ পিচতো আক্ৰমণ কৰিবলৈ এৰি নিদি হীৰালাল ৰায়ে এইবাৰ ঘৰৰ পৰা চুৰি এখন আনি সুনীলৰ মুখমণ্ডল, পেট, বুকু আদিত উপৰ্যুপৰি আক্রমণ কৰে ।
ইয়াক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ মাজতে তেজেৰে লুতুৰি পুতুৰি হোৱা সুনীলক পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও কিছু সময়ৰ পিচত চিকিৎসকে সুনীলক মৃত বুলি ঘোষণা কৰে। ইফালে হত্যাকাণ্ড সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে জ্যেষ্ঠ ভাতৃ হীৰালাল ৰায়ে। জানিব পৰা মতে হীৰালাল ৰায়ক পূৰ্বতে গাঞ্জা ব্যৱসায়ত জড়িত থকাৰ অভিযোগত নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
মৃত সুনীল ৰায়ে ইহসংসাৰত পত্নীসহ তিনিটা সন্তানক এৰি থৈ যায় ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছে ৷ ইতিমধ্যে হত্যাকাৰী হীৰালাল ৰায়ৰ সন্ধানত নুনমাটি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক: Dowry case at Kalgachia: যৌতুক বিচাৰি বোৱাৰীক শাৰীৰিক নিৰ্যাতন; অবৈধ সম্পৰ্ক ৰখাৰ অপচেষ্টা শহুৰেকৰ