ETV Bharat / state

মহানগৰীত নিৰ্মাণ হ'ব যোগাসন আৰু ধ্যান উদ্যান

author img

By

Published : Nov 18, 2021, 9:03 PM IST

মহানগৰবাসীক এইবাৰ মুকলি ঠাইত যোগ আৰু ধ্যান কৰাৰ সুবিধা দিয়াৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । মহানগৰীৰ পল্টনবজাৰস্থিত বৰছলা বিলৰ কাষত নিৰ্মাণ কৰা হ’ব যোগাসন আৰু ধ্যান উদ্যান ৷

Yoga and Meditation Park to be built at Guwahati
মহানগৰীত নিৰ্মাণ হ'ব যোগাসন আৰু ধ্যান উদ্যান

গুৱাহাটী, 18 নৱেম্বৰ : মহানগৰবাসীক এইবাৰ মুকলি ঠাইত যোগ আৰু ধ্যান কৰাৰ সুবিধা দিয়াৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । মহানগৰীৰ পল্টনবজাৰস্থিত বৰছলা বিলৰ কাষত এখন উদ্যান নিৰ্মাণ কৰাৰ প্ৰস্তুতি কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে । বৃহস্পতিবাৰে এই উদ্দেশ্যে বৰছলা বিলৰ কাষত উদ্যান নিৰ্মাণ কৰাৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলে উদ্যান নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।

আধাৰশিলা স্থাপন অনুষ্ঠানত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষ মুকুতা ডেকা আৰু অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং উপস্থিত থাকে । গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলে ভাষণ প্ৰসংগত কয় যে, মানুহে খোজকঢ়া আৰু যোগাসন কৰাৰ বাবে গুৱাহাটীত মুকলি ঠাইৰ অভাৱ । এই অভাৱ পূৰণ কৰাৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে বৰছলা বিলৰ কাষত উদ্যান নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মন্ত্ৰী সিংহলে এই মুকলি উদ্যানত মানুহে পুৱা আৰু গধূলি যোগাসন আৰু ধ্যান কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰে গুৱাহাটীবাসীৰ সুবিধাৰ বাবে বিভিন্ন উন্নয়নমূলক কাম কৰি আছে । উল্লেখ্য যে, বৰছলা বিলৰ কাষত 1 কঠা 8 লেচা মাটিত এই উদ্যানখন নিৰ্মাণ কৰা হ'ব । উদ্যানখন নিৰ্মাণ কৰাৰ বাবে 55.57 লাখ টকা নিৰ্দ্ধাৰণ কৰা হৈছে । অহা বছৰ এপ্ৰিলত এই উদ্যানখন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক : Indo-Bangladesh border ত BSF ৰ বিশেষ ক্ষমতাক লৈ বিপৰীত মেৰুত মমতা-হিমন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.