ETV Bharat / state

World Heart Day 2023: খোজ কাঢ়ি জীৱনশৈলী গঢ়াৰ আহ্বানৰে মহানগৰীত সজাগতা সমদল

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 3:48 PM IST

বিশ্বত হৃদৰোগত আক্ৰান্ত লোকৰ সংখ্য়া অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে । ইতিমধ্য়ে বিশ্ব স্বাস্থ্য় সংস্থাই এই ৰোগত মহামাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে । এই বিষয়ে ৰাইজক সজাগ কৰিবলৈ মহানগৰীত উলিওৱা হয় সমদল ।

World Heart Day in Guwahati
বিশ্ব হৃদ দিৱস ২০২৩

গুৱাহাটী, ২৯ ছেপ্টেম্বৰঃ আজি বিশ্ব হৃদ দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত স্বাস্থ্য সজাগতামূলক ৰেলী উলিওৱা হয় । দ্য হাৰ্ট, সহৃদয় গোষ্ঠীয়ে ৰাইজৰ মাজত স্বাস্থ্য আৰু পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক সমদল উলিয়ায় । এই সমদলত ভাগ লয় শতাধিক লোকে । সকলোৱে হাতে হাতে প্লে-কাৰ্ড লৈ ইন্ধনজাত সামগ্ৰী ব্যৱহাৰ ৰোধ কৰি চাইকেল চলাই আৰু খোজকাঢ়ি কিদৰে নিজৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰি তাক লৈ এক জনসচেতনতা অনাৰ প্ৰয়াস কৰে । স্বেচ্ছাসেৱী সংস্থা দ্য হাৰ্ট, সহৃদয় গোষ্ঠীয়ে গুৱাহাটী মহানগৰীত এই স্বাস্থ্য সজাগতা শোভাযাত্ৰা উলিয়ায় ৷

World Heart Day in Guwahati
বিশ্ব হৃদ দিৱস ২০২৩

শুক্ৰবাৰে পুৱা ৫.৩০ বজাত দিছপুৰ হাস্পতালৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীত হৃদৰোগ বিশেষজ্ঞদ্বয় ডাঃ বণজিৎ চৌধুৰী, ডাঃ চন্দন মোদক, জনপ্ৰিয় শিল্পী-বাঁহীবাদক দীপক শৰ্মা,কবি প্ৰণৱ কুমাৰ বৰ্মন, গৰিমা শইকীয়া গাৰ্গ, লোকসংগীতৰ সাধক হিতেশ্বৰ ৰায়কে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে চাৰি শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ দিছপুৰ হাস্পতালৰ পৰা সচিবালয়ৰ সন্মুখেৰে চুপাৰ মাৰ্কেট-গনেশ মন্দিৰ হৈ সমদলটো পুনৰ দিছপুৰ হাস্পতাললৈ উভতি আহে ৷ সহৃদয় গোষ্ঠীৰ সভাপতি তথা হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দন মোদক আৰু তথ্য-প্ৰচাৰ সম্পাদক নৱজ্যোতি পাঠকে এক বিবৃতিত কয় যে বৰ্তমান বিভিন্ন চাপযুক্ত জীৱনশৈলী, ধপাত-সুৰা সেৱনৰ লগতে অন্যান্য হানিকাৰক মাদক দ্ৰব্যৰ প্ৰতি আসক্তি, উচ্চৰক্তচাপ, মধুমেহ ৰোগ, প্ৰয়োজনীয় শাৰীৰিক শ্ৰমৰ প্ৰতি অৱহেলা, মেদবহুলতা আৰু প্ৰকৃতিৰ সন্তুলনহীনতাই সমগ্ৰ বিশ্বৰ লগতে অসমতো ক্ৰমবৰ্দ্ধিত হৃদৰোগৰ অন্যতম কাৰণ ৰূপে বিবেচিত হৈছে ৷ এই বিষয়ে সজাগতা সৃষ্টি কৰি জনসাধাৰণক স্বাস্থ্যৰ প্ৰতি সচেতন কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে ২৯ ছেপ্তেম্বৰত বিশ্ব হৃদ দিৱস উদযাপন কৰি অহা হৈছে ৷

এই উদ্দেশ্যে আজি মহানগৰীত উলিওৱা সমদলত 'খোজত শান্তি, খোজত সুখ, খোজে বঢ়ায় আয়ুস', ' হৃদযন্ত্ৰৰ আহ্বান শুনক, খোজকাঢ়ক খোজকাঢ়ক','খোজে খোজে ফুলি উঠে অনুপম জীৱন','খোজ কাঢ়ি সুন্দৰ সুশীল জীৱনশৈলী গঢ়ক','খোজ কাঢ়ক ইন্ধন বচাওক ','অপৰূপ প্ৰকৃতিক সংৰক্ষণ কৰক','খোজ মূলধন,স্বাস্থ্যই পৰম ধন' আদি শ্লোগান সম্বলিত প্লেকাৰ্ড লৈ সজাগতামূলক প্ৰচাৰ চলোৱা হয় ৷ এই কাৰ্যসূচীৰ জৰিয়তে মানুহক বিজ্ঞানমনস্ক আৰু স্বাস্থ্য সচেতন হৈ সুন্দৰ সমাজ গঢ়িবলৈ আহ্বান জনায় দ্য হাৰ্ট,সহৃদয় গোষ্ঠীয়ে ৷

লগতে পঢ়ক:World Heart Day 2023: বিশ্ব হৃদযন্ত্ৰ দিৱসত চিকিৎসকৰ পৰা হৃদৰোগ সম্পৰ্কীয় কিছু তথ্য জানি লও আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.