ETV Bharat / state

বিশ্ব ধপাঁত বিৰোধী দিৱস, বিশেষ ভিডিঅ' মুকলি কনজিউমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামৰ - বিশ্ব ধপাঁত বিৰোধী দিৱস

দেওবাৰে দেশজুৰি পালন কৰা হয় বিশ্ব ধপাঁত বিৰোধী দিৱস । এই ধপাঁত বিৰোধী দিৱস উপলক্ষে কনজিউমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামে ধপাঁত জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ভয়াৱহতাৰ বিষয়ে ভিডিঅ' আৰু পোষ্টাৰ মুকলি কৰি সজাগতা অভিযান চলায় । এই সজাগতা অভিযানত অংশ গ্ৰহণ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শতাধিক ছাত্র-ছাত্ৰী আৰু অভিভাৱকে ।

বিশ্ব ধপাঁত বিৰোধী দিৱস
বিশ্ব ধপাঁত বিৰোধী দিৱস, বিশেষ ভিডিঅ' মুকলি কনজিউমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামৰ
author img

By

Published : May 31, 2020, 7:31 PM IST

গুৱাহাটী, ৩১ মে': বিশ্ব ধপাঁত বিৰোধী দিৱস উপলক্ষে কনজিউমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামে সৰ্বসাধাৰণ ৰাইজ, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ধপাঁত আৰু ধপাঁত জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ভয়াৱহতাৰ বিষয়ে ভিডিঅ' আৰু পোষ্টাৰ মুকলি কৰি সজাগতা অভিযান চলায় ।

বিশ্ব ধপাঁত বিৰোধী দিৱস
বিশ্ব ধপাঁত বিৰোধী দিৱস, বিশেষ ভিডিঅ' মুকলি কনজিউমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শতাধিক ছাত্র-ছাত্ৰী আৰু অভিভাৱকে এই সজাগতা কাৰ্যসূচীত অংশ লয়। ৰাজ্যত ধপাঁত আৰু ধপাঁত জাতীয় সামগ্ৰীৰ ওপৰত সম্পূৰ্ণৰূপে নিষেধজ্ঞা আৰোপ কৰি যুৱ প্ৰজন্মৰ জীৱন ৰক্ষা কৰিবলৈ ছাত্র-ছাত্ৰী আৰু অভিভাৱকসকলে ৰাজ্য চৰকাৰক মুকলি আহ্বান জনায় ।

ধপাঁত সেৱনকাৰীসকলৰ কাৰণে এইখিনি সময়ে ধপাঁত আৰু ধপাঁত জাতীয় সামগ্ৰী ত্যাগ কৰাৰ উৎকৃষ্ট সময় । কাৰণ ৰাজহুৱা স্থানত থু পেলোৱা আৰু ধপাঁত সেৱনে COVID-19ৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰি তোলে । ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে ধঁপাত উদ্যোগসমূহৰ বাণিজ্যিক কৌশলৰ পৰা যুৱ প্ৰজন্মক ৰক্ষাৰ আহ্বান জনাই কয় যে, ধপাঁত উদ্যোগসমূহে সদায় নতুন প্ৰজন্মক নিজৰ সামগ্ৰী বিক্ৰীৰ বাবে লক্ষ্য হিচাবে লৈ আহিছে । গতিকে প্ৰতিগৰাকী যুৱ প্ৰজন্মই ধপাঁত বৰ্জন কৰি এখন ধপাঁত বিৰোধী সুস্থ গঢ়ি তোলাত সহায় কৰক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.