গুৱাহাটী,9 মাৰ্চ: টি-ছিৰিজ ষ্টেজৱৰ্ক একাডেমীৰ শিক্ষাৰ্থীসকলে উলহ-মালহেৰে উদযাপন কৰে আন্তৰ্জাতিক নাৰী দিৱস ৷ এই একাডেমীখনৰ শিক্ষাৰ্থীসকলে ফ্লেশ্ব ম’ব কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে৷ মহানগৰীৰ এবিচি পুলিচ পইণ্টৰ সমীপতে সোমবাৰে পুৱা দিৱসটি উদযাপন কৰে শিক্ষাৰ্থীসকলে ৷
শিক্ষাৰ্থীসকলে পুৰুষ-মহিলাৰ সম অধিকাৰৰ বাৰ্তা দিয়াৰ উদ্দেশ্যৰে যান-বাহনৰ চলাচলত কোনো বাধাৰ সৃষ্টি নকৰাকৈ এই স্থানত নাৰী দিৱস উদযাপন কৰে ৷ সমান্তৰালকৈ ট্ৰেফিক লাইটৰ নিৰ্দেশনা পালন কৰিবলৈ একাডেমীখনৰ শিক্ষাৰ্থীসকলে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে৷ এই সম্পৰ্কত গুৱাহাটীৰ টি ছিৰিজ ষ্টেজৱৰ্ক আৰু ড্ৰাম হাউছ প্ৰডাকচনৰ সঞ্চালিকা নীতা শৰ্মাই লিংগ সমতাৰ সজাগতা সৃষ্টি কৰিবলৈ এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷
এই ফ্লেশ্ব ম’ব কাৰ্যসূচীৰ জৰিয়তে মহিলাসকলক উৎসাহিত কৰাৰ চেষ্টা কৰা হৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলৰ প্ৰতিভাৰ অভাৱ নাই৷ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলক টি ছিৰিজ ষ্টেজৱৰ্ক একাডেমীৰ জৰিয়তে গীত, নৃত্য, অভিনয়, মডেলিঙৰ লগতে একাধিক ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদানেৰে আগুৱাই নিয়াৰ চেষ্টা কৰা হোৱাৰ কথাও প্ৰকাশ কৰে সঞ্চালিকগৰাকীয়ে ৷ এই কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ বাবে ভঙাগড় যান-বাহন শাখাৰ আৰক্ষীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে একাডেমী কৰ্তৃপক্ষই ৷
লগতে পঢ়ক: চতিয়া সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত: প্ৰাণেশ্বৰ বসুমতাৰী