গুৱাহাটী, 22 ছেপ্তেম্বৰঃ মহানগৰীৰ মালিগাঁৱৰ ১নং গেটত অঘটন । গছৰ পৰা পাছলি চিঙিবলৈ যোৱাৰ সময়তেই পাহাৰৰ পৰা পিছলি পৰি কৰুণ মৃত্যুক সাৱতি লয় এগৰাকী মহিলাই ৷ মৃত মহিলাগৰাকী দিপালি বৰা বুলি জানিব পৰা গৈছে । আনহাতে, আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চটোন নামৰ এজন যুৱকে এখন অট’ৰে আনি পদপথত এৰি যোৱাৰ ফলত সেই স্থানতে তেখেতৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷
উল্লেখ্য যে, চাৰিমাহ পূৰ্বে পুত্ৰৰ মৃত্যু হোৱাত ঘৰত অকলেই আছিল দিপালি বৰা ৷ পুত্ৰৰ মৃত্যুৰ পিছতেই তেখেত মানসিকভাৱে কিছু অসুস্থ হৈ পৰিছিল ৷ ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ । সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।