গুৱাহাটী, ১০ আগষ্ট : বুধবাৰে দেশৰ ৰাজধানী নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। দিল্লীত অনুষ্ঠিত হোৱা অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ নিশা ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । দিল্লীত অনুষ্ঠিত বুধবাৰৰ অসম কেবিনেটে ৰাজ্যৰ লাখ লাখ আশা কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই আনিছে ৷ চৰকাৰে সদৰী কৰা অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত আশা কৰ্মী, আশা তত্বাৱধায়কৰ কৰ্মৰ পৰা অব্যাহতিৰ বয়স নিৰ্ধাৰণ ৷
স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য কৰ্মী (আশা) আৰু আশা তত্বাৱধায়কৰ বাবে অব্যাহতিৰ বয়স আৰু এককালীন কৃতজ্ঞতাৰ মাননিৰ সুবিধা নিৰ্ধাৰণ কৰা হয় কেবিনেটত । কেবিনেটৰ সিদ্ধান্ত অনুসৰি আশা আৰু আশা তত্বাৱধায়কৰ সেৱাৰ পৰা অব্যাহতি লোৱাৰ বয়স ৬০ বছৰ হ'ব ৷ ন্যূনতম ১০ বছৰ ধৰি অবিৰত স্বেচ্ছাসেৱী সেৱা আগবঢ়োৱা আশাকৰ্মীয়ে ৬০ বছৰ সম্পূৰ্ণ কৰাৰ পিচত নিজৰ সেৱাৰ পৰা অব্যাহতি ল’লে ২ লাখ টকাৰ এককালীন কৃতজ্ঞতামূলক সুবিধা লাভ কৰিব কৰ্মী গৰাকীয়ে ৷
একেদৰে আশা তত্বাৱধায়কসকলে ৬০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত নিজৰ সেৱাৰ পৰা অব্যাহতি লাভ কৰিলে ৩ লাখ টকাৰ এককালীন কৃতজ্ঞতাৰ সুবিধা লাভ কৰিব পাৰিব । আনহাতে, আশা আৰু আশা তত্বাৱধায়কসকলে ৬০ বছৰ সম্পূৰ্ণ কৰাৰ আগতে পদত্যাগ বা স্বেচ্ছামূলক সেৱা এৰিলে, কিন্তু ন্যূনতম ১০ বছৰলৈকে অবিৰত স্বেচ্ছামূলক সেৱা আগবঢ়োৱাৰ পিচত ১ লাখ টকাৰ এককালীন কৃতজ্ঞতাৰ লাভৰ সুবিধাৰ বাবে যোগ্য হ’ব । কৰ্মৰত অৱস্থাত মৃত্যু হোৱা আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰৰ নিকট আত্মীয়ই তেওঁলোকৰ যোগ্যতা অনুসৰি সুবিধা লাভ কৰিব ৷
মাণ্ডলিক বায়ু সংযোগ গুৱাহাটী-যোৰহাট পথৰ বাবে নন-ইউডিএএন (Non-UDAN) আঁচনিৰ অধীনত Viability Gap Funding (VGF)ত অনুমোদন জনায় দিল্লীত অনুষ্ঠিত অসম কেবিনেটে । ফ্লাইবিগক নন-ইউডিএএন আঁচনিৰ ভিজিএফ ব্যৱস্থাৰ অধীনত গুৱাহাটী-ডিব্ৰুগড় আৰু গুৱাহাটী-শিলচৰ পথৰ ৰাজহ মডেলৰ লগতে একেধৰণৰ চৰ্তত গুৱাহাটী-যোৰহাট পথ পৰিচালনা কৰিবলৈ অনুমতি দিয়া হ’ব ৷ নন- ইউডিএএন আঁচনিৰ ভিজিএফ ব্যৱস্থাৰ অধীনত ২০২৪ চনৰ ৩১ মাৰ্চলৈকে অনুমোদিত এই খণ্ডসমূহৰ মাজত বিমান সেৱা বৃদ্ধিৰ বাবে অনুমোদন জনায় ৷
খাদ্য, অসামৰিক যোগান বিভাগৰ পুনৰ নামকৰণ ৷ ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ নাম সলনি হৈ হ’ব ‘‘খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ’’ ৷ এই সিদ্ধান্তত অনুমোদন বুধবাৰৰ ৰাজ্যিক কেবিনেটৰ । খাদ্য সুৰক্ষা বিধি ৰূপায়ণ, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত নিয়ন্ত্ৰণ আৰু খাদ্য সুৰক্ষাৰ সৈতে জড়িত নীতি প্ৰণয়ন ইত্যাদি নব্য নামাংকিত বিভাগটোৰ দায়িত্ব হ’ব ।
সহজ ভূমি অধিগ্ৰহণৰ বাবে নীতি এই নীতিক চৰকাৰে মসৃণ ভূমি অধিগ্ৰহণ নীতি বুলি ক’লেও এয়া আচলতে সহজ ভূমি অধিগ্ৰহণ নীতি ৷ ৰাজহুৱা উদ্দেশ্যত বুজাবুজিৰে বন্দোবস্তৰ জৰিয়তে প্ৰত্যক্ষভাৱে মাটি ক্ৰয়ৰ নীতিৰ সংশোধনত দিল্লীত বহা অসম ৰাজ্যিক কেবিনেটৰ অনুমোদন ৷
বুধবাৰৰ কেবিনেটত ক্ৰীড়া ক্ষেত্ৰখনৰো গুৰুত্বপূৰ্ণ সিধান্ত লোৱা হয় । ক্ৰীড়া প্ৰতিভাক উদ্বুদ্ধ কৰাৰ বাবে খেল মহাৰাণ ৷ তৃণমূল পৰ্যায়ত ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণ আৰু বিকাশৰ বাবে অনুষ্ঠিত কৰা হ'ব খেল মহাৰাণ ৷ এই অনুসৰি খেল মহাৰাণত ৫০ লাখতকৈ অধিক খেলুৱৈয়ে পাঁচটা ক্ৰীড়া শাখাত প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিব ৷ এথলেটিকছ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ), ফুটবল, কাবাডী, ভলীবল আৰু খো-খো আদি এই ৫ টা শাখাত অনুষ্ঠিত হ’ব খেল মহাৰাণৰ প্ৰতিযোগিতাসমূহ ।
৪টা বয়সৰ শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । শাখাসমূহ ১৯ বছৰৰ তলৰ (পুৰুষ), ১৯ বছৰৰ তলৰ (মহিলা), ১৯ বছৰৰ ওপৰৰ (পুৰুষ), ১৯ বছৰৰ ওপৰৰ (মহিলা)প্ৰতিযোগী থাকিব ৷ খেলৰ পৰ্যায়সমূহ BTR, KAAC & DHAC ৰ গ্ৰাম পঞ্চায়ত/ULB/ৱাৰ্ড পৰ্যায় আৰু গাঁও পৰিষদ উন্নয়ন সমিতি/MAC পৰ্যায়ৰ ৷
বিধানসভা সমষ্টি পৰ্যায়ৰ পৰা জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ত হ’ব প্ৰতিযোগিতাসমূহ ৷ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, কোকৰাঝাৰ আৰু ডিফুত শেষ পৰ্যায় অৰ্থাৎ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ প্ৰতিটো স্থানতে একো একোটা বিশেষ শাখাৰ চূড়ান্ত ইভেণ্ট অনুষ্ঠিত হ'ব ৷ অ’ বি চি আৰু এম অ’ বিচি এছ ৰ বাবে ITIত আসন সংৰক্ষণ, পিচপৰা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ ন্যায্য প্ৰতিনিধিত্ব সুনিশ্চিত কৰিবলৈ অনুমোদিত অ’ বি চি আৰু এম অ’ বি চি শিতানৰ অধীনত আহোম, মৰাণ, মটক, চুতীয়া, কোঁচ ৰাজবংশী জনগোষ্ঠী আদিৰ বাবে আই টি আইত নামভৰ্তিৰ বাবে সংৰক্ষণ নীতি গ্ৰহণ কৰিছে বুধবাৰৰ কেবিনেটে ।
২৭ শতাংশ অ’ বি চি আৰু এম অ’ বি চি সংৰক্ষণৰ বিপৰীতে আইটিআইত সংৰক্ষিত আসনৰ বিভাজন এনে ধৰণৰ ২১৩ খন কোচ ৰাজবংশী, ১৬৪ খন তাই আহোম, ১৪৭ চুতীয়া, মৰাণ সকলৰ বাবে ১৩১ খন, মটক সকলৰ বাবে আসন ১৩১ খন আসন ৷