ETV Bharat / state

কোনে নুমুৱাব ধৰমতুলত জ্বলি থকা ভোকৰ জুই ?

author img

By

Published : Jul 27, 2021, 5:44 PM IST

Updated : Jul 27, 2021, 6:36 PM IST

মৰিগাঁও জিলাৰ ধৰমতুলত শেহতীয়াকৈ কিডনী (Kidney) ব্যৱসায়ী চক্ৰৰ তথ্য পোহৰলৈ অনাৰ লগতে বহুকেইজনক আটক কৰিছে আৰক্ষীয়ে ৷ কিন্তু দৰাচলতে ধৰমতুলৰ লোকসকলে কিডনী বিক্ৰী কৰাৰ আঁৰৰ ৰহস্য কি? এই সন্দৰ্ভত ইটিভি ভাৰত (ETV Bharat)ৰ এক বিশেষ প্ৰতিবেদন...

why-people-sale-kidneys in dharamtul
ধৰমতুলৰ লোকৰ কিডনী বিক্ৰীৰ ৰহস্য

গুৱাহাটী 27 জুলাই : কপিলী নৈৰ মথাউৰিৰ থিয় গৰাৰে নামি গ’লেই পোৱা যায় গুৰুচৰণ বৈৰাগীৰ ঘৰ । ঘৰ মানে উৱলি যোৱা এটা জুপুৰি । প্লাষ্টিকেৰে বহু অংশত ঢাকি থোৱা হৈছে গুৰুচৰণৰ উৰুখা পঁজা । এই উৰুখা পঁজাটোৱে কেৱল গুৰুচৰণৰ সমস্যা নহয় । পত্নী মণি আৰু ল’ৰা-ছোৱালীহালক এসাঁজ ভাত খুওৱাৰ সামৰ্থ হেৰুৱাইছিল 45 বছৰীয়া গুৰুচৰণে । ক’ভিড (Covid) অতিমাৰীকেন্দ্ৰিক লক ডাউন (Lockdown) ঘোষিত হোৱাৰ ঠিক আগলৈকে এটা ফাৰ্ণিচাৰ হাউচত যোগালীৰ কাম কৰি‌ পৰিয়ালটো পোহপাল দিছিল গুৰুচৰণে । কিন্তু বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই এই শ্ৰমিকজনৰ বাবে বন্ধ হৈ পৰিছে জীৱিকাৰ সকলো পথ ।

পৰিস্থিতিৰ ওচৰত কাৰ্যতঃ হাৰ মানি দুচকুৰে কেৱল অন্ধকাৰ দেখা গুৰুচৰণৰ সমুখত আছিল এটাই বিকল্প । এদিন পুৱা শোৱাপাটিৰ পৰা উঠিয়েই এটা ফোন নম্বৰ বিচাৰি ওলাই গৈছিল তেওঁ । স্বাভাৱিকতে অতি সোনকালেই হাতত পৰিছিল ফোন নম্বৰটো । সেই অনুসংগৰে গুৰুচৰণে অকলে গৈ উপস্থিত হৈছিলগৈ কলকাতাৰ এখন হাস্পতালত । উদ্দেশ্য আছিল- 3 লাখ 50 হাজাৰ টকাৰ বিনিময়ত নিজৰ এটা কিডনী (Kidney) বিক্ৰী কৰা ।

লগতে চাওকঃ 6 ঘন্টাৰ জেৰাত স্বামীৰ বিষয়ে কি ক’লে অভিনেত্ৰী শিল্পা চেট্টীয়ে ?

কিন্তু অৱলীলাক্ৰমে সেই ভয়ানক ঘটনাৰ পৰা আঁতৰি আহিবলৈ সক্ষম হ’ল দুই সন্তানৰ পিতৃ গুৰুচৰণ । পত্নী মণি বৈৰাগীৰ মতে, গুৱাহাটী আৰু স্থানীয় দালাল চক্ৰৰ প্ৰৰোচনাত দক্ষিণ ধৰমতুল গাঁৱৰ কেইবাজনো লোকে কলকাতালৈ গৈ নিজৰ কিডনী বিক্ৰী কৰাৰ কথা পোহৰলৈ অহাৰ লগে লগে পত্নী মণিয়ে উভতাই আনিলে দৰিদ্ৰতাই দিশহাৰা কৰা স্বামী গুৰুচৰণক । এইবাৰলৈ হয়তো ৰক্ষা পৰিল গুৰুচৰণৰ পৰিয়ালটো । সঠিক সময়তে শুভবুদ্ধিৰ উদয় হ’ল ।

ধৰমতুলৰ লোকৰ কিডনী বিক্ৰীৰ ৰহস্য

বিগত প্ৰায় দুবছৰে কৰ্মহীন হৈ থকা অসহায় পৰিয়ালটো এতিয়া চলিব কেনেকৈ ? চাৰিজন সদস্যৰ পেটত জ্বলি থকা ভোকৰ জুইকুৰা নুমুৱাব কোনে ?

ভঙা জুপুৰিৰ বাৰাণ্ডাত বহি পত্নী মনি বৈৰাগীয়ে কয়, "আমাৰ জবকাৰ্ড নাই, ৰেচন কাৰ্ড নাই, বহুবাৰ দৰ্খাস্ত দিও আজিলৈ ঘৰ‌ এটা নাপালো ৷ কাম কৰিবলৈ গ’লে পুলিচে খেদে....আমি জীয়াই থাকিম কেনেকৈ ? আমাক মাৰি নেপেলাই কিয় ?" ইফালে স্থানীয় বন্ধন বেংকৰ গোটত মণিৰ আছে 90 হাজাৰ টকাৰ উচ্চ সুদৰ ধাৰ ।

লগতে চাওকঃ ডিব্ৰুগড়ত পোহৰলৈ আহিছে দ্বিতীয়টো কিডনী বিক্ৰীৰ ঘটনা

8 বছৰীয়া সন্তান ধ্ৰুৱজ্যোতি জন্মৰ পৰাই হৃদৰোগত আক্ৰান্ত ।‌ ৰাজমিস্ত্ৰী পিতৃ সুমন্ত দাসে ভাবিছিল যে, এটা কিডনী (Kidney) বিক্ৰী কৰি যদি একমাত্ৰ সন্তানটোৰ চিকিৎসা কৰিব পৰা‌ যায়, অন্ততঃ সমস্যা এটা সমাধান হ’ব । দালাল পক্ষই গম পাইছিল সুমন্ত আৰু পত্নী সাৱিত্ৰীৰ মনৰ কথা । কথা মতেই কাম । গুৱাহাটীৰ লক্ষ্মী বাইদেউ নামৰ কিডনী দালালৰ প্ৰৰোচনাত পৰি কলকতালৈ গৈ বিগত লক ডাউন অৰ্থাৎ 2020 বৰ্ষৰ জুনত কলকতালৈ গৈ কিডনী বিক্ৰী কৰা সুমন্তই দালালৰ পৰা পালে মাত্ৰ ডেৰ লাখ টকাহে । পাবলগীয়া বাকী 4 লাখ টকাই আত্মসাৎ কৰিলে দালাল চক্ৰই ।

কিডনী বিক্ৰী কৰি সৰ্বস্বান্ত সুমন্ত দাসৰ পৰাই দালালৰ নাম আৰু নম্বৰ লৈ স্বামী ললিত দাসৰ লগত কলকাতালৈ গৈছিল কৃষ্ণা দাস । গাঁৱখনৰ অধিকাংশ মহিলাৰ দৰে কৃষ্ণা দাসৰো আছিল বন্ধন গোটৰ সুদৰ ধাৰ । 90 হাজাৰ টকাৰ ঋণৰ পৰা‌ মুক্তি আৰু উৰুখা পঁজাটোত টিনপাত লগোৱাৰ উদ্দেশ্যে কৃষ্ণা দাস নামৰ মহিলাগৰাকীয়ে দাম-দৰ কৰিছিল নিজৰ কিডনীৰ । কৃষ্ণাই ইটিভি ভাৰত (ETV Bharat)ক অসহায়ভাৱে ক’লে, "কিডনীৰ বাবে 4 লাখ 50 হাজাৰ টকাৰ ‌বন্দোৱস্তি হৈছিল । কিন্তু এতিয়াও 1 লাখ টকা দালালে দিব আছে, সেয়া পাও নে নাপাও ঠিক নাই" ।‌

লগতে চাওকঃ ৰাজ্যত কিডনীৰ নামত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট !

কৃষ্ণাৰ স্বামী ললিত দাসৰ মতে, আজিৰে পৰা‌ কিছু বছৰ আগলৈকে ‌তেওঁ ঘৰখন চলাইছিল কপিলী আৰু গাঁৱৰ ওচৰে-পাজৰে থকা বিলসমূহত মাছ মাৰি । ভালকৈয়ে চলিছিল ললিতৰ ঘৰখন । কিন্তু হঠাতে এক দূৰ্ঘটনাত পতিত হৈ চিৰ পংগুত্বক সাৱটি লোৱা ললিত দাসে পত্নী কৃষ্ণাক কিডনী বিক্ৰী কৰিবলৈ কলকতালৈ লৈ যোৱাৰ পাচত নিজকে সৈমান কৰিব পৰা‌ নাছিল ৷ বাৰে বাৰে ‘কামটো নকৰি’ উভতি আহিব বিচাৰিছিল তেওঁ । অৱশেষত অন্তহীন অভাৱ আৰু ভোকৰ জুইৰ ওচৰত হাৰ মানিছিল ললিত আৰু কৃষ্ণাৰ মন-মগজু ।

কপিলী নৈৰ পাৰৰ এই দক্ষিণ ধৰমতুল গাঁৱৰ প্ৰায় 80 শতাংশ লোকৰ মূল জীৱিকা আছিল নদী আৰু ৰাজহুৱা বিলসমূহত মাছ মৰা ।

লগতে চাওকঃ 3.5 লাখ টকাত চাহ শ্ৰমিকে বেছিলে নিজৰেই কিডনী

প্ৰায় দহবছৰ বয়সৰ পৰাই দেউতাকৰ লগত কপিলীৰ বুকুত মাছ মাৰিবলৈ আৰম্ভ কৰা ললিত দাসৰ দৰে শতাধিক মাছমৰীয়াই শেহতীয়া সময়চোৱাত সন্মুখীন হৈছে এক ভয়াৱহ সমস্যাৰ । ললিত দাসে জনোৱা মতে, কপিলীৰে এতিয়া আৰু আগৰ দৰে ৰৌ-বৰালি, শাল, বাহু, চিতলৰ জাক নাহে । আহিলেও মাছবোৰৰ শৰীৰ ছিগি ভাঙি আহে । ইয়াৰ কাৰণ হ’ল নৈখনেৰে এতিয়া বৈ থাকে কেৱল লংকাৰ ফালে থকা চিমেণ্ট কাৰখানাই এৰি দিয়া পেলনীয়া বিষাক্ত পদাৰ্থ । প্ৰদূষিত কপিলীৰ ওপৰত নিৰ্ভৰ কৰি এতিয়া আৰু দুয়োপাৰৰ কোনো মাছমৰীয়াৰ জীৱন নচলে ।

কপিলীৰ পাৰত সাক্ষাৎ হ’ল আন ভালে সংখ্যক লোকৰ, যি সকলে বুজি উঠিছে সময়ে সৃষ্টি কৰা জটিলতাৰ কথা । আনকি 8-10 বছৰীয়া শিশু-কিশোৰেও বুজি উঠিছে অভাৱ কি, ভোকৰ জুয়ে কিদৰে শেষ কৰি পেলাব পাৰে মানুহৰ জীয়াই থকাৰ অধিকাৰ আৰু সীমাহীন সপোন । চৰকাৰী হিচাপ মতে, ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালকে চৰকাৰী আঁচনিসমূহে সামৰি লৈছে । কিন্তু দক্ষিণ ধৰমতুলৰ ছবিখন ইয়াৰ ওলোটা । MGNREGAৰ দৰে আঁচনিয়ে 50 শতাংশ শ্ৰমিককে সামৰি লোৱা নাই আজিও । বছৰত 100 দিনৰ কথা‌ বাদেই, 20 দিনো কাম পোৱা নাই এইখন গাঁৱৰ শ্ৰমিকে ।

লগতে চাওকঃ মোক লাইফ বনাই দিম বুলি কোৱাত বেচিছিলো কিডনী : চাঞ্চল্যকৰ স্বীকাৰোক্তি

এই তথ্য কেন্দ্ৰীয় চৰকাৰৰ MGNREGA এম আই এছৰ । ৰাজ্য চৰকাৰৰ দাবী অনুসাৰে, বিগত বিত্তীয় বৰ্ষত MGNREGAৰ অধীনত কেৱল লক ডাউন কেন্দ্ৰিক পৰিস্থিতিৰ জোৰা মাৰিবলৈ 1000 কোটি টকাৰ অতিৰিক্ত কৰ্মদিন সৃষ্টি কৰা‌ হৈছে ।

কিন্তু দক্ষিণ ধৰমতুলৰ দিশহাৰা শ্ৰমিকৰ বাবে সেয়া আছিল বহু দূৰৰ কথা । আনহাতে অন্ন সুৰক্ষা, অৰুণোদয়, অৰুন্ধতী আদি আকৰ্ষণীয় নামেৰে মধ্যবিত্তক সন্মোহিত কৰি থকা চৰকাৰী আঁচনিসমূহে আজিও সামৰি লোৱা নাই দক্ষিণ ধৰমতুলৰ এই পৰিয়াল কেইটাক । আহতগুৰি পঞ্চায়তৰ অন্তৰ্গত এই গাঁৱখনত MGNREGA, PMY, চতুৰ্দশ বিত্ত আয়োগ, পঞ্চদশ বিত্ত আয়োগ আদিৰ অধীনত বহুতো কাম কৰাৰ সুযোগ আছিল যদিও সেয়া এতিয়াও অৱহেলিত হৈ আছে । ক’ভিড আৰু লক ডাউনৰ বিগত দুটা বছৰৰ অচলাৱস্থাৰ সুযোগ লৈ সামাজিক হিচাব (Social Audit) হোৱা নাই এই পঞ্চায়তত । যাৰ ফলত এই গাঁৱখনত কি হৈ আছে, তাৰ সঠিক হিচাপ কাৰো ওচৰতে পাবলৈ নাই ।

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকে কিডনী বিক্ৰী চক্ৰৰ আঁৰৰ কাহিনী পোহৰলৈ আনিছে, লগতে আটকো কৰিছে কেইবাজনক । কিন্তু তেনে প্ৰক্ৰিয়াত সামৰি‌ লোৱা হোৱা নাই অঞ্চলবাসীৰ সন্মুখত লক ডাউনে সৃষ্টি কৰা জীৱিকাকেন্দ্ৰিক ভয়াৱহ পৰিস্থিতিৰ কথা । উপেক্ষিত হৈ ৰৈছে পশ্চাদপট ।

লগতে পঢ়ক : কেনেদৰে চলে মানৱ দেহৰ অংগৰ বেহা ?

Last Updated : Jul 27, 2021, 6:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.