গুৱাহাটী,৭ মে': বিজেপি মিত্রজোঁটৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠনৰ কুচ-কাৱাজ চলি থকাৰ সমান্তৰালকৈ দলটোৰ সাংগঠনিক সাল-সলনিকলৈও সন্তৰ্পণ প্ৰক্ৰিয়া চলিব ধৰিছে । লক্ষণীয় বিষয় যে, নিৰ্বাচনী ফলাফল ঘোষণাৰ আজি পাঁচ দিন হোৱাৰ পাচতো কিন্তু বিজেপিৰ শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰিব পৰা নাই । অৱশ্যে, মুখ্যমন্ত্রীক লৈ চলি থকা জল্পনা কল্পনাৰ মাজতে ৰাজ্যিক সভাপতিৰ পদক লৈয়ো চলিছে চৰ্চা । বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস এইবাৰ গুৰুত্বপূৰ্ণ বিভাগ লৈ মিত্রজোঁটৰ দ্বিতীয়খন মন্ত্রীসভাত অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত । যাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ পৰবৰ্তী ৰাজ্যিক সভাপতি কোন হ'ব, তাক লৈ বিশেষ চৰ্চা হৈছে । কাৰণ মন্ত্রীত্ব লাভৰ লগে লগে ৰণজিৎ কুমাৰ দাসে স্বাভাৱিকতে ৰাজ্যিক সভাপতিৰ পদ এৰিব লাগিব । তেনেস্থলত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ উত্তৰাধিকাৰী কোন হ'ব ? বিজেপিৰ ভিতৰচ'ৰাত এতিয়া এই প্ৰশ্নৰ চৰ্চা চলিছে ।
পাটাছাৰকুছিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস মন্ত্রীসভাত অন্তৰ্ভুক্ত হ'লে পৰবৰ্তী সভাপতি নামনি অসমৰ এজন নেতা হোৱাৰ সম্ভাৱনাই অধিক । এইক্ষেত্রত চৰ্চিত হৈছে ৰঙিয়াৰ বিধায়ক তথা মন্ত্রী ভবেশ কলিতা আৰু মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ কুমাৰ শইকীয়াৰ নাম । এই দুয়োজনৰ ভিতৰত এজন পৰবৰ্তী ৰাজ্যিক সভাপতি হোৱাৰ সম্ভাৱনা আছে । ভবেশ কলিতা সভাপতি হ'লে তেওঁ পুনৰ মন্ত্রীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা নাই । আনহাতে সাংসদ দিলীপ কুমাৰ শইকীয়াই ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰিলে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ পদ এৰিব লগা হ'ব পাৰে । দলীয় সূত্রত প্ৰকাশ যে, দলে পুৰণি নেতাকে সভাপতিৰ দায়িত্ব দিব বিচাৰিছে । সাংসদ দিলীপ শইকীয়া সভাপতি নিযুক্ত হ'লে অসমৰ আন এজন সাংগঠনিক দক্ষতা থকা নেতা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদত নিযুক্ত হ'ব পাৰে । অৱশ্যে সকলো শপত গ্ৰহণৰ পাচত হে স্পষ্ট হ'ব ।