গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ নৱগঠিত অসম জাতীয় পৰিষদৰ সভাপতি কোন হ'ব ? ২০২১ ৰ বিধানসভা নিৰ্বাচনত কাৰ নেতৃত্বত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব অসম জাতীয় পৰিষদ ? ৰাজ্যৰ ৰাজনীতিত এতিয়া এয়া এক চৰ্চাৰ বিষয় । কিয়নো সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম লোৱা অসম জাতীয় পৰিষদে আগন্তুক নিৰ্বাচনত যে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সেয়া ইতিমধ্যে প্ৰায় স্পষ্ট হৈছে । গতিকে স্বাভাৱিকতে প্ৰশ্ন উঠিছে কোন হ'ব দলটোৰ প্ৰতিষ্ঠাপক সভাপতি ?
ইতিমধ্যে এই নৱগঠিত দলটোৰ সভাপতি পদৰ বাবে চৰ্চিত হৈছে কেইবাগৰাকীও ব্যক্তিৰ নাম । নৱেম্বৰত অনুষ্ঠিত হ'ব দলটোৰ প্ৰথমখন অধিবেশন আৰু সেই অধিবেশনতে অসম জাতীয় পৰিষদৰ সভাপতি বাচনিকে আদি কৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখনো গঠন কৰা হব বুলি ইতিমধ্যে দলটোৰ সমন্বয়ক জগদীশ ভূঞাই ঘোষণা কৰি থৈছে ।
সভাপতি পদৰ পৰা সম্প্ৰতি বিশেষভাবে চৰ্চিত হৈছে অধ্যাপক বসন্ত ডেকা, বৰ্তমানৰ অগপ বিধায়ক বৃন্দাবন গোস্বামী, আন এগৰাকী বৰ্তমানৰ অগপ বিধায়ক পবীন্দ্ৰ ডেকাৰ নাম । সমান্তৰালকৈ জগদীশ ভূঞা, সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ সভাপতি দীপাংক নাথ, মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিৎ শেখৰ মুছাহাৰীৰ নামো সভাপতি পদৰ বাবে চৰ্চালৈ আহিছে ।