ETV Bharat / state

কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী কোন ? - তৰুণ গগৈ

বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ বাকী থকা অৱস্থাতে পোন্ধৰটা বছৰ শাসন চলোৱা কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিব পৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীৰ নাম ৷ শিবিৰ বিভক্ত কংগ্ৰেছে এই পৰ্যন্ত থিৰাং কৰিব পৰা নাই অসমত কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন ৷

কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী কোন ?

author img

By

Published : Jan 13, 2021, 5:48 PM IST

গুৱাহাটী, ১৩ জানুৱাৰী: একেৰাহে পোন্ধৰটা বছৰ শাসন চলোৱা এটা দল, যিটো দলৰ বহু ৰথী-মহাৰথী আজি বিমোৰত পৰিছে । কিয়নো বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ বাকী থকা অৱস্থাত দলটোৱে প্ৰক্ষেপ কৰিব পৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীৰ নাম । সুদীৰ্ঘ সময় অসমত শাসন চলোৱা কংগ্ৰেছ দলৰ আজি এই অৱস্থা ।

কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী কোন ?
কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী কোন ?

কাৰ্যতঃ তৰুণ গগৈৰ বিয়োগৰ পাচতে অসমত কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব তাকে লৈ এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হৈছে । শিবিৰ বিভক্ত কংগ্ৰেছে এই পৰ্যন্ত থিৰাং কৰিব পৰা নাই, যদিহে পৰৱৰ্তী চৰকাৰ অসমত কংগ্ৰেছে গঠন কৰে তেন্তে কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী । শিবিৰে শিবিৰে চলিছে কেইবাজনো কংগ্ৰেছ নেতাৰ নাম । কিন্তু আনুষ্ঠানিকভাৱে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়েই হওক বা কংগ্ৰেছ হাইকমাণ্ডেই হওক, কোনেও ঘোষণা কৰিব পৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ।

কংগ্ৰেছৰ বাহিৰে ভিতৰে এইক্ষেত্ৰত চৰ্চিত হৈ পৰা নেতাসকল হৈছে ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু পৱন সিং ঘাটোৱাৰ । কিন্তু এই চৰ্চাও সম্পূৰ্ণ অনানুষ্ঠানিক । তাৎপৰ্যপূৰ্ণ কথাটো হ'ল, এ আই ইউ ডি এফৰে মিত্ৰতা কৰাৰ ক্ষেত্ৰত যেনেদৰে কংগ্ৰেছ দ্বিধাগ্ৰস্ততাত ভূগিছে অনুৰূপভাবে দ্বিধাগ্ৰস্ততাত ভূগিছে মুখ্যমন্ত্ৰী পদত কাক প্ৰক্ষেপ কৰা হ'ব তাকলৈও ।

লগতে পঢ়ক: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ উৰুকাৰ দিনটোৰ কেইখনমান ছবি...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.