ETV Bharat / state

সাৱধান! য'তে ততে যিকোনো স্থানৰ পানী সেৱন নকৰিব

author img

By

Published : Jul 11, 2019, 10:50 PM IST

ভাৰতবৰ্ষত প্ৰতিবছৰে ৩৭.৭ নিযুত লোক পানীৰ পৰা হোৱা ৰোগত আক্ৰান্ত হয় আৰু বছৰি প্ৰায় ১.৫ নিযুত শিশুৰ মৃত্যু হয় ডায়েৰিয়াত

পানীৰ লগতে আহিছে মাৰাত্মক ৰোগৰ বীজাণু

গুৱাহাটী, 11জুলাইঃ ভৰ বাৰিষা পানীৰ লগতে আহিছে মাৰাত্মক ৰোগৰ বীজাণু ৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহ ফেনে ফোটোকাৰে বাঢ়ি অহাৰ বাঢ়নি পানীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভীষিকাৰ সৃষ্টি কৰিছে সৰ্বত্ৰে ৷ বানত ডুবিছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ এফালে যদি বানৰ বিভীষিকা,আনফালে মাৰাত্মক ৰোগৰ প্ৰাদূৰ্ভাৱ ৷ শেহতীয়াকৈ ৰাজ্যত মহামাৰীৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ কিন্তু ইয়াতেই শেষ হোৱা নাই সমস্যাৰ ৷ বাৰিষাৰ সময়ছোৱাত প্ৰদূষিত পানী সেৱন কৰাৰ ফলত মানুহৰ শৰীৰত বাঁহ ল'ব পাৰে কেবাবিধো মাৰাত্মক ৰোগৰ বীজাণুৱে৷ কিয়নো পানীৰ পৰাই মানুহৰ দেহত বিয়পে

  • ডায়েৰীয়া,কলেৰা,জণ্ডিচ,হেপাটাইটিছ এ,হেপেটাইটিছ ই,
  • টাইফয়ড,পেৰা টাইফয়ড জ্বৰ,জি আৰডাইছিছ, এমিবাইছিছ

আদি মাৰাত্মক ৰোগ ৷ ৰাজ্য চৰকাৰৰ তথ্যত প্ৰকাশ পোৱা তথ্যনুসৰি

  • অসমৰ ২২ খন জিলাৰ ভূ-গৰ্ভস্থ পানীত আছে মাৰাত্মক ৰাসায়নিক দ্ৰব্য
    পানীৰ লগতে আহিছে মাৰাত্মক ৰোগৰ বীজাণু

এই ভুগৰ্ভস্থ জলত থকা

  • ফ্ল'ৰাইড,আৰ্চেনিক,আইৰন,চেলিনিটি, নাইট্ৰেট
  • আদিৰ ফলত মানুহৰ শৰীৰত বাঁহ ল'ব পাৰে মাৰাত্মক ৰোগে ৷ কিন্তু বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব আপুনি ৷
  • পৰিস্কাৰ পৰিচ্ছন্নতাই ৰোধ কৰে বহু ৰোগ
  • অপৰিস্কাৰ পৰিৱেশ ডায়েৰীয়া,কলেৰা,ফিটা অথবা ঘূৰণীয়া পেলুৰ কাৰক

উল্লেখ্য যে প্ৰতি বছৰে ভাৰতবৰ্ষত

  • ৩৭.৭ নিযুত লোক পানীৰ পৰা হোৱা ৰোগত আক্ৰান্ত হয়
  • বছৰি প্ৰায় ১.৫ নিযুত শিশুৰ মৃত্যু হয় ডায়েৰিয়াত

পানীৰ পৰা হোৱা ৰোগৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে অসম । বাৰিষাৰ বানৰ পাছতে ৰাজ্যত বৃদ্ধি পায় ৰোগৰ প্ৰাদূৰ্ভাৱ৷ মৃত্যু হয় বহুলোকৰ ৷ স্বাস্থ্য বিভাগৰ পৰ্যাপ্ত কৰ্মীৰ অভাৱ ৷

  • এতিয়াও ৰাজ্যত ৩১৯৯ জন স্বাস্থ্য কৰ্মীৰ অভাৱ
  • পৰ্যাপ্ত চিকিৎসক নাই জনসংখ্যাৰ বিপৰীতে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে প্ৰত্যেক এহেজাৰ জনসংখ্যাৰ বিপৰীতে এজন চিকিৎসক থাকিব লাগে যদিও

  • অসমত প্ৰতি দুহেজাৰ জনসংখ্যাৰ বিপৰীতে এজন চিকিৎসক আছে

একেদৰে বি টি এ ডি আৰু বৰাক উপত্যকাৰ জিলাসমূহত এতিয়াও চিকিৎসকৰ অভাৱ আছে ৷ আনহাতে কেন্দ্ৰীয় পৰিৱেশ আৰু বন বিভাগৰ তথ্য অনুসৰি

  • অসমৰ ৪৪ খন নদী ভাৰতৰ ভিতৰত আটাইতকৈ প্ৰদূষিত

এই প্ৰদূষিত নদীৰ ভিতৰত আছে

  • ভৰলু, ব্ৰহ্মপুত্ৰ,ভোগদৈ ,বেকী,জীয়া ভৰালী,
  • কলং,কপিলী,জাঁজী,পুঠিমাৰী,ৰঙা নদী

Intro:বাৰিষা মানেই যেন বিভিন্ন ৰোগৰ আগমন। বৰ্ষা ঋতু যেনেকৈ বহুতৰ বাবে কাব্যিক আৰু নান্দনিক সৃষ্টিকৰ্মৰ ভৰাল, বহুতৰে বাবে আকৌ যেন বৰ্ষা এক অভিশাপ স্বৰূপ ।

Body:বাৰিষা পদুলিমুখত । বাৰিষাৰ আগমনৰ লগে লগে স্বাভাৱিকতে আৰম্ভ হৈছে পানীৰ পৰা হোৱা বিভিন্ন বেমাৰ-আজাৰো। এই ৰোগসমূহৰ ভিতৰত অন্যতম হৈছে ডায়েৰীয়া, কলেৰা, ডিচেন্ত্ৰী, জণ্ডিচ, হেপাটাইটিছ এ, হেপেটাইটিছ ই ,টাইফয়ড, পেৰা টাইফয়ড জ্বৰ, জিআৰডাইছিছ, এমিবাইছিছ আদি । বিশেষকৈ অসমৰ ২২ খন জিলাৰ ভূ-গৰ্ভস্থ পানীত থকা ফ্ল'ৰাইড, আৰ্চেনিক, আইৰন, চেলিনিটি, নাইট্ৰেট আদিৰ ফলত বিভিন্ন ধৰণৰ ৰোগ হয় । শেহতীয়াকৈ ৰাজ্যত জাপানীজ এনকেফেলাইটিছে একপ্ৰকাৰ মহামাৰী ৰূপ ধাৰণ কৰিছে । এইবোৰ বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে জনালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপিকা জ্যোতিকা ওজাই।

জ্যোতিকা ওজাই কয় যে বিশেষকৈ এইটো সময়ত যদিহে আমি চাফ-চিকুণতাৰ প্রতি লক্ষ্য নাৰাখো তেনেহলে হ'ব পাৰে ডায়েৰীয়া, কলেৰা, ফিটা অথবা ঘূৰণীয়া পেলু, আদিৰ নিচিনা মাৰাত্মক ৰোগ। বিশেষকৈ শিশুসকলৰ মাজত এই ৰোগসমূহ বেছিকৈ দেখা দিয়ে। শিশুসকলৰ হোৱা ৰোগসমূহ হৈছে ৰটা ভাইৰাছ, চকুত হোৱা ৰোগ ট্ৰেকমা আদি। গতিকে এই ৰোগসমূহৰ পৰা আতৰত থাকিবলৈ আমি বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰিব লাগিব, পানী শোষণ কৰা, খোৱা বস্তুসমূহ পৰিষ্কাৰকৈ ৰখাৰ লগতে আমি আমাৰ চৌপাশটো চাফ-চিকুনকৈ ৰাখিব লাগিব। প্ৰতি বছৰে ভাৰতবৰ্ষত ৩৭.৭ নিযুত লোক পানীৰ পৰা হোৱা ৰোগত আক্ৰান্ত হয়৷ বছৰি প্ৰায় ১.৫ নিযুত শিশু আমাৰ দেশত মৃত্যুমুখত পৰে কেৱল ডায়েৰিয়াত আক্ৰান্ত হৈ।

বাইট: জ্যোতিকা ওজা , অধ্যাপিকা কমিউনিটি মেডিচিন বিভাগ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ।

পানীৰ পৰা হোৱা ৰোগৰ ক্ষেত্ৰত শীৰ্ষত আছে উত্তৰ প্ৰদেশ । তাৰ পিছতে পশ্চিম বংগ আৰু তৃতীয় স্থানত আছে অসম । অসমত বাৰিষাকালত হোৱা প্ৰত্যেকটো বানৰ পাছতে জনসাধাৰণ বহুতো ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰ ফলত বহুতো লোকৰ মৃত্যু হয়।

এই মাৰাত্মক ৰোগসমূহ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও ৰাজ্যত এতিয়াও বহু কৰ্মচাৰীৰ অভাৱ। তথ্য জনাৰ অধিকাৰ আইনৰ এক তথ্যমতে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে প্ৰকাশ কৰা অনুসৰি অসমত ৰাষ্ট্রীয় স্বাস্থ্য অভিযান মিছন চমুকৈ এন এইচ এমৰ অধীনত ২২ হাজাৰ পদ আছে। এই পদসমূহ হৈছে ডাক্তৰ, নাৰ্চ, পেৰামেডিকেল আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। কিন্তু ইয়াৰ ভিতৰত কেৱল ১৮৮০১জন মুঠ কৰ্মচাৰী থকাৰ বিপৰীতে ৩১৯৯ জন কৰ্মচাৰীৰ অভাৱ। কামৰূপ মহানগৰৰ হাস্পাতাল সমূহত মুঠ ২৪৩ গৰাকী চিকিৎসক আছে। তাৰ ভিতৰত ১৫৭ গৰাকী নিয়মীয়া চিকিৎসকৰ বিপৰীতে এন এইচ এমৰ অধীনত ৮৬ গৰাকী চিকিৎসক আছে ।

অসমৰ প্ৰায়ভাগ পাহাৰীয়া আৰু ভিতৰুৱা অঞ্চল দীৰ্ঘদিনৰ পৰা চিকিৎসকৰ অভাৱৰ ভূগি আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে প্ৰত্যেক এহেজাৰ জনসংখ্যাৰ বিপৰীতে এজন চিকিৎসক থাকিব লাগে যদিও অসমত প্ৰতি দুহেজাৰ জনসংখ্যাৰ বিপৰীতে এজনকৈহে চিকিৎসক আছে। বি টি এ ডি আৰু বৰাক উপত্যকাৰ জিলাসমূহত এতিয়াও বহু চিকিৎসকৰ অভাৱ।

বাইট: ৰতীন্দ্ৰ নাথ ভূঞা,
সঞ্চালক,
স্বাস্থ্য সেৱা বিভাগ

পৰিবেশ আৰু বন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদেকাৰে লোকসভাত এটা প্ৰশ্নৰ উত্তৰত দিয়াত তথ্য অনুসৰি অসমৰ ৪৪ খন নদী ভাৰতৰ ভিতৰত আটাইতকৈ প্ৰদূষিত। এই প্ৰদূষিত নদীৰ ভিতৰত ভৰলো, ব্ৰহ্মপুত্ৰ, ভোগদৈ ,বেকি, জীয়া ভৰালী, কলং, কপিলী, জাঁজী, পুঠিমাৰী, ৰঙা নদী আৰু অন্যান্য। জনস্বাস্থ্য কাৰিকৰী বিভাগে গ্রাম্যাঞ্চলত বিশুদ্ধ পানী যোগান ধৰি আহিছে যদিও বহুতো ৰাইজে এতিয়াও পানীৰ বিশুদ্ধকৰণ নকৰাকৈ খোৱাৰ লগতে আন কামৰ বাবে ব্যৱহাৰ কৰে।

বাইট: নাৰায়ণ দাস, মুখ্য অভিযন্তা জনস্বাস্থ্য কাৰিকৰী বিভাগ।

Conclusion:পানীজনিত ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সাৱধানতাই হৈছে উত্তম উপায়। অৱশ্যে চৰকাৰৰ অনিহা আৰু গুৰুত্বহীনতায়ো বহুক্ষেত্ৰত এই সমস্যা অধিক জটিল কৰি আহিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.