ETV Bharat / state

BTRৰ বড়ো-অবড়ো গাঁৱৰ সমস্যাৰ সমাধান কেতিয়া ? - সীমা নিৰ্ধাৰণ আয়োগ

বি টি আৰৰ অবড়ো বসতিপূর্ণ গাঁৱৰ বিষয়টো এতিয়াও সীমা নিৰ্ধাৰণ আয়োগৰ আওতাত আছে (BTR Delimitation commission)। বি টি আৰৰ সীমা নিৰ্ধাৰণৰ বাবে ২০২০ চনৰ ছেপ্টেম্বৰত পি পি বাৰ্মাৰ অধ্যক্ষতাত আয়োগ গঠন কৰা হৈছিল । কিন্তু আয়োগৰ অধ্যক্ষ বাৰ্মাৰ মৃত্যুৰ পাছত সেই দায়িত্ব আশিস ভূটানীক দিয়া হয় । বি টি আৰৰ পৰা কোনকেইখন গাঁও কৰ্তন হ'ব বা কোনকেইখন গাঁও নতুনকৈ অন্তৰ্ভুক্ত হ'ব সেয়া আয়োগৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব ।

BTR
BTRৰ বড়ো আৰু অবড়ো গাঁৱৰ সমস্যাৰ সমাধান কেতিয়া
author img

By

Published : Sep 17, 2022, 4:07 PM IST

গুৱাহাটী,১৭ ছেপ্টেম্বৰ : বি টি আৰৰ পৰা কর্তন হ'ব লগা অবড়ো বসতিপূর্ণ গাঁওসমূহৰ বিষয়টো এতিয়াও সীমা নিৰ্ধাৰণ আয়োগৰ (BTR Delimitation commission) আওতাতে আছে । বি টি আৰ চুক্তিৰ পাছত বি টি আৰৰ সীমা নিৰ্ধাৰণৰ বাবে ২০২০ চনৰ ছেপ্টেম্বৰত পি পি বাৰ্মাৰ অধ্যক্ষতাত আয়োগ গঠন কৰা হৈছিল । কিন্তু আয়োগৰ অধ্যক্ষ বাৰ্মাৰ মৃত্যুৰ পাছত সেই দায়িত্ব আশিস ভূটানীক দিয়া হয় । বর্তমান আশিস ভূটানী অধ্যক্ষাধীন আয়োগৰ ওপৰত বি টি আৰৰ সীমা নিৰ্ধাৰণ হোৱাটো নিৰ্ভৰ কৰিছে ।

বি টি আৰৰ পৰা কোনকেইখন গাঁও কৰ্তন হ'ব বা কোনকেইখন গাঁও নতুনকৈ অন্তৰ্ভুক্ত হ'ব সেয়া আয়োগৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব । বিধানসভাত এই তথ্য দাঙি ধৰে বড়োলেণ্ড বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই (Urkhao Brahma on BTR Delimitation commission)। তেওঁ দিয়া তথ্য মতে বি টি আৰৰ সীমান্তৱৰ্তী অঞ্চলত থকা অবড়ো গাঁওসমূহ বি টি আৰৰ পৰা ওলাই যোৱাত অসুবিধা নাই । সেই কথা আয়োগৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব ।

BTR
BTRৰ বড়ো আৰু অবড়ো গাঁৱৰ সমস্যাৰ সমাধান কেতিয়া

তেওঁ বিধানসভাত সদৰী কৰিছে যে আয়োগে এই বিষয়টো কিমান দূৰ আগবঢ়াই নিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি চলিত মাহৰ ভিতৰতেই আয়োগে সীমা নিৰ্ধাৰণৰ কাম সম্পন্ন কৰিব লাগে ।

উল্লেখ্য যে বি টি আৰৰ বহুকেইখন অবড়ো বসতিপূর্ণ গাঁও অন্তর্ভুক্ত হৈ থকাৰ বিষয়টো বিধানসভাত কেইবাগৰাকী বিধায়কে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰাইছিল । বিৰোধী বিধায়ক মনোৰঞ্জন তালুকদাৰে বিষয়টো সন্দৰ্ভত কয় যে বি টি আৰৰ সীমা নিৰ্ধাৰণ নোহোৱাত বহু খেলি-মেলি হৈছে । বড়ো জনসংখ্যা নথকা বহু গাঁও বি টি আৰত অন্তর্ভুক্ত হৈ থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সীমা নিৰ্ধাৰণৰ বাবে চৰকাৰে আয়োগ গঠন কৰিছিল যদিও সেই আয়োগে প্রতিবেদন দাখিল নকৰাত বৰ্তমান গাঁৱে গাঁৱে অশান্তিৰ সৃষ্টি হৈছে (Clashes in BTR)।

বহু অঞ্চলত অবড়ো লোক অশান্তিত থকাৰ কথা তেওঁ সদৰী কৰে (Non Bodo people faces problem in BTR)। এতিয়াও বহু অবড়ো গাঁও বি টি আৰত সোমাই আছে আৰু বহু বড়ো জনবসতিপূর্ণ গাঁও বি টি আৰৰ বাহিৰত আছে । যাৰ ফলত সময়ে সময়ে বিষয়টোক লৈ বিশৃংখলতাৰ সৃষ্টি হৈ আহিছে ।

তেওঁ কয়,"বি টি আৰৰ বিকাশ হোৱাটো বিচাৰো, বি টি আৰলৈ পূৰ্ণ স্বায়ত্ত্ব শাসন অহাটোও বিচাৰো । কিন্তু সীমা নিৰ্ধাৰণ চূড়ান্ত হ'ব লাগে । অবড়ো জনবসতিপূর্ণ সীমামূৰীয়া গাঁওসমূহ বি টি আৰৰ বাহিৰ হ'ব লাগে । একেদৰে বড়ো জনবসতিপূর্ণ গাঁও বি টি আৰত অন্তর্ভুক্ত হ'ব লাগে । এই বিষয়টো এতিয়ালৈকে মীমাংসা হোৱা নাই ।"

আনহাতে বিধায়ক আব্দুৰ ৰহিম আহমেদেও বিষয়টো সন্দৰ্ভত কয় যে বৰপেটাৰ ১৮ খন অবড়ো গাঁও বি টি আৰত সোমাই আছে । যাৰ পৰিপ্ৰেক্ষিতত সমস্যাৰ সৃষ্টি হৈছে । এই গাঁওবোৰত বড়ো জনগোষ্ঠীৰ সংখ্যা পাঁচ শতাংশতকৈ কম । গাঁওকেইখন আছে সীমামূৰীয়া এলেকাত (Assembly discuss on BTR Delimitation commission)।

কিন্তু এই গাঁওসমূহ বি টি আৰৰ পৰা বাহিৰ কৰি দিয়া নাই । ফলত সময়ে সময়ে অশান্তিৰ সৃষ্টি হৈ আহিছে । ছমাহতে প্রতিবেদন দিবলগীয়া বি টি আৰ সীমা আয়োগে এতিয়ালৈকে প্রতিবেদন দিয়া নাই বুলি তেওঁ কয় । লক্ষণীয় বিষয় যে দীর্ঘদিন ধৰি বি টি আৰৰ সীমা নিৰ্ধাৰণৰ বিষয়টো ওলমি আছে । এতিয়া সকলো নিৰ্ভৰ কৰিছে আয়োগৰ প্ৰতিবেদনৰ ওপৰত ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সদৌ বড়ো ছাত্ৰ সন্থা আৰু এন ডি এফ বিৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰীত হৈছিল ঐতিহাসিক বি টি আৰ চুক্তি (BTR agreement)। সেই চুক্তি অনুসৰি বি টি এ ডি সীমাত সংলগ্ন হৈ থকা ৫০ শতাংশ বা তাতোধিক বড়ো তথা জনজাতীয় লোক বাস কৰা গাঁওসমূহ বি টি আৰত অন্তৰ্ভুক্ত আৰু ৫০ শতাংশতকৈ অধিক অজনজাতীয় লোক বাস কৰা বি টি আৰত অন্তৰ্ভূক্ত গাঁৱসমূহৰ নাম কৰ্তনৰ অৰ্থে ৰাজ্যপালে এখন আয়োগ গঠন কৰি দিছিল । আয়োগৰ অধ্যক্ষ বাৰ্মাৰ মৃত্যুৰ পাছত সেই দায়িত্ব আশিস ভূটানীক দিয়া হয় । বর্তমান আশিস ভূটানী অধ্যক্ষাধীন আয়োগৰ ওপৰত বি টি আৰৰ সীমা নিৰ্ধাৰণ হোৱাটো নিৰ্ভৰ কৰিছে ।

লগতে পঢ়ক :আদিবাসীসকলক শান্তি চুক্তি স্বাক্ষৰে সুকীয়া পৰিচয় প্ৰদান কৰিব: দুৰ্গা হাছদা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.