ETV Bharat / state

জল পৰিবহণ উন্নয়নৰ বাবে বিশ্ব বেংকে দিয়া ধন ক'লৈ গ'ল ?

author img

By

Published : Sep 9, 2021, 5:41 PM IST

আভ্যন্তৰীণ জল পৰিবহণ উন্নয়নৰ নামত অসম চৰকাৰে বিশ্ব বেংকৰ পৰা শ শ কোটি টকা লাভ কৰিছে । সোণোৱাল চৰকাৰৰ সময়তে বিশ্ব বেংকৰ সৈতে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰায় ১৫০ মিলিয়ন ডলাৰৰ এক চুক্তি স্বাক্ষৰিত হৈছিল । ইয়াৰে প্ৰথম পৰ্যায়ত ৮৮ মিলিয়ন ডলাৰ বিশ্ব বেংকে মোকলাই দিছে । জল পৰিবহণৰ উন্নয়নৰ বাবে সঁচাকৈয়ে এই ৮৮ মিলিয়ন ডলাৰ ব্যয় কৰিলেনে ৰাজ্য চৰকাৰে ?

Water Transport Development
জল পৰিবহণৰ উন্নয়নৰ নামত ভেকো ভাওনা

গুৱাহাটী, ৯ ছেপ্টেম্বৰ: কেন্দ্ৰীয় জল পৰিবহণ আৰু জাহাজ মন্ত্ৰালয়ৰ দায়িত্ব লৈয়েই প্ৰথমবাৰলৈ অসমলৈ আহি মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল যে জল পথেই হৈছে এখন ৰাজ্য বা এখন দেশৰ ব্যৱসায় বাণিজ্য সূচলভাৱে চলাই নিয়াৰ বাবে একমাত্ৰ মিতব্যয়ী মাধ্যম । কেৱল ব্যৱসায় বাণিজ্যই নহয়, জনতাৰ যাতায়তৰ বাবেও জলপথ হ'ব পাৰে আটাইতকৈ মিতব্যয়ী । সেয়েহে ব্ৰহ্মপুত্ৰক তেওঁ এক নতুন ৰূপ দিয়াৰ কথা ঘোষণা কৰি থৈ গৈছিল । কিন্তু তেওঁৰ এই ঘোষণাৰ এমাহ নৌহওঁতেই তেওঁৰেই গৃহ সমষ্টিত ঘটিল অঘটন ।

বুধবাৰে নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাই অসমৰ জল পৰিবহণ বিভাগৰ আচল স্বৰূপটো উদঙাই দিলে । ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালৰ এইটো দ্বিতীয় বৃহৎ নাও দুৰ্ঘটনা । ইয়াৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোতে ২০১৮ চনত উত্তৰ গুৱাহাটীত সংঘটিত হৈছিল আন এক মৰ্মান্তিক নাও দুৰ্ঘটনা । সেই দুৰ্ঘটনাৰ পৰা কিন্তু মুঠেও শিক্ষা নল'লে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ।

এইখিনিতে প্ৰশ্ন উঠে যে, ২০১৮ আৰু বুধবাৰে সংঘটিত হোৱা দুয়োটা দুৰ্ঘটনাই বিভাগটোৰ ভিতৰত প্ৰশাসনহীনতা কিয় উদঙাই দিবলগীয়া হ'ল ? ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাটো অধিক সুচল আৰু অত্যাধুনিক কৰিবলৈ ইতিমধ্যে বিশ্ববেংকৰ পৰা শ শ কোটি টকা অসম চৰকাৰে লাভ কৰিছে ।

তৎস্বত্বেও আজিকোপতি অসমৰ কোনো এটা পাৰঘাট অত্যাধুনিক হৈ নুঠিল কিয় ? পূৰ্বৰ সোণোৱাল চৰকাৰৰ সময়তে বিশ্ব বেংকৰ সৈতে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰায় ১৫০ মিলিয়ন ডলাৰৰ এক চুক্তি হৈছিল । ইয়াৰে প্ৰথম পৰ্যায়ত ৮৮ মিলিয়ন ডলাৰ ইতিমধ্যে বিশ্ব বেংকে মোকলাই দিছে । এই ৮৮ মিলিয়ন ডলাৰৰ বাবে ২০২০ চনৰ ১৬ জানুৱাৰীত দিল্লীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বিশ্ববেংকৰ মাজত যি চুক্তি স্বাক্ষৰিত হৈছিল তাত স্পষ্টকৈ উল্লেখ আছিল যে, এই সমুদায় ধনৰাশি ব্যয় কৰা হ'ব অসমৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগক অধিক সুচল আৰু আধুনিক কৰি তোলাৰ বাবে ।

৮৮ মিলিয়ন ডলাৰ লাভ কৰাৰ পিছতো আজিকোপতি আধুনিকীকৰণটো দুৰৰেই কথা, লেচীৰ ইচ্ছাৰ ওপৰতেই কিয় চলি থাকিবলৈ দিয়া হ'ল অসমৰ পাৰঘাট সমূহ ? ক'লৈ গ'ল ৮৮ মিলিয়ন ডলাৰ ? জল পৰিবহণৰ কি আধুনিকীকৰণত ব্যয় কৰা হ'ল এই ধন ? উদাহৰণ হিচাপে নিমাতীঘাটৰ পৰা মাজুলীলৈ যোৱা আৰু মাজুলীৰ পৰা নিমাতীঘাটলৈ অহা দিনটোৰ শেষ ফেৰী দুখনৰ যাত্ৰা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত জল পৰিবহণ বিভাগৰ এজন নিৰ্দিষ্ট ছাইট অফিচাৰ ঘাটত থাকিব লাগে ।

এয়া বিভাগীয় নিয়ম । কিন্তু এই দৃশ্য কেতিয়াও দেখা পোৱা নাযায় । আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে লেচীৰ লগত ধনৰ লেনদেন কৰিয়েই ইমান দিনে অনিয়মকে নিয়ম বুলি চলাই আহিছে ।

৮৮ মিলিয়ন ডলাৰৰ ভিতৰত এটা অন্যতম কাম আছিল প্ৰতিখন ফেৰীতেই যাত্ৰীৰ সংখ্যাৰ সমান্তৰালভাৱে নাৱত লাইফ জেকেট আৰু টিউব মজুত থাকিব লাগিব । সেয়াও আজিকোপতি দেখা নগ'ল । তেন্তে বিশ্ববেংকৰ পৰা লাভ কৰা এই বৃহৎ ধনৰাশি ক'ত ব্যয় কৰা হ'ল সেই প্ৰশ্ন এতিয়া অৱতাৰণা হৈছে ।

লগতে পঢ়ক:নিমাতীঘাটৰ শোকাৱহ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.