ETV Bharat / state

Flood Information Centre in Guwahati : বানৰ পূৰ্বাভাস লাভত সহায়; গুৱাহাটীত জলসম্পদ বিভাগৰ ৰাজ্যিক তথ্য কেন্দ্ৰ উদ্বোধন - Assam Institute of Water Research and Management

বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে চলি থকা বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ (Externally Aided Projects) অধীনৰ কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ বুঢ়ীদিহিং আৰু বেঁকী নদীৰ খহনীয়া ৰোধৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰী হাজৰীকাই ৷

গুৱাহাটীত জলসম্পদ বিভাগৰ ৰাজ্যিক তথ্য কেন্দ্ৰ উদ্বোধন
Flood Information Centre in Guwahati
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 8:43 PM IST

গুৱাহাটী, ৫ অক্টোবৰ : গুৱাহাটীত জলসম্পদ বিভাগৰ ৰাজ্যিক তথ্য কেন্দ্ৰ উদ্বোধন । উদ্বোধন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ অসম বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ সমীপত নিৰ্মিত অসম জল গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান সমিতিৰ দ্বাৰা ৰাষ্ট্ৰীয় জলবিজ্ঞান পৰিযোজনাৰ অধীনত ৰূপায়িত ৰাজ্যিক তথ্য কেন্দ্ৰটোৰ উদ্বোধন কৰাৰ লগতে জলসম্পদ বিভাগৰ বাহ্যিক অৰ্থসাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে ।

ৰাজ্যিক তথ্য কেন্দ্ৰটো উদ্বোধন কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে ঘূৰ্ণীবতাহ, বান আদি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আগতীয়াকৈ জনাটো সম্ভৱপৰ হৈ উঠিছে । ফলত প্ৰাকৃতিক দুৰ্যোগৰ ফলত হ’বপৰা ক্ষয়-ক্ষতিৰ পৰিমাণ বহু পৰিমাণে লাঘৱ কৰিব পৰা হৈছে । ৰাজ্যিক তথ্য কেন্দ্ৰটিত অসমৰ সকলো নদীৰ মথাউৰিসমূহৰ নিৰ্মাণৰ সময়কে ধৰি অসম তথা ইয়াৰ ওচৰ-চুবুৰীয়া ৰাজ্য আৰু ৰাষ্ট্ৰসমূহত হোৱা বতৰৰ পৰিৱৰ্তনৰ তথ্য উপলব্ধ হ’ব ।

বানৰ পূৰ্বাভাস লাভৰ বাবে গুৱাহাটীত তথ্য কেন্দ্ৰ উদ্বোধন

কেন্দ্ৰটোত সঠিক তথ্য উপলব্ধ হ’লে ৰাজ্যখনত বান নিয়ন্ত্ৰণ আৰু বানৰ ফলত হ’বপৰা ক্ষতিৰ পৰিমাণ বহু পৰিমাণে লাঘৱ কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে । পাছত অসম বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা সভাত জলসম্পদ মন্ত্ৰীগৰাকীয়ে বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ সাহায্যত ৰাজ্যখনত চলি থকা বেঁকী আৰু বুঢ়ীদিহিং নদীৰ খহনীয়া ৰোধৰ কামসমূহৰ পৰ্যালোচনা কৰে ।

জলসম্পদ বিভাগৰ ৰাজ্যিক তথ্য কেন্দ্ৰ উদ্বোধন পীযুষ হাজৰীকাৰ

উল্লেখ্য যে প্ৰথম পৰ্যায়ত বুঢ়ীদিহিং নদীৰ প্ৰায় ৩০ কিলোমিটাৰ অংশত খহনীয়া ৰোধৰ কাম, প্ৰায় ১৭৩ কিলোমিটাৰ মথাউৰি ওখ আৰু শক্তিশালীকৰণ আৰু প্ৰায় ১০.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ বাবে কাম হাতত লোৱা হৈছে । আনহাতে, বেঁকী নদীৰ প্ৰায় ১১.২ কিলোমিটাৰ মথাউৰি ওখ আৰু শক্তিশালীকৰণ আৰু ৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ খহনীয়া প্ৰতিৰোধী কাম কৰি থকা হৈছে । মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা বৈঠকত বিভাগীয় অভিযন্তাসকলক সূচাৰুৰূপে এই প্ৰকল্পসমূহৰ অধীনত কামসমূহ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।

আনহাতে, এই বৈঠকখনত সংশ্লিষ্ট জিলাসমূহৰ পৰা ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে সংযোগ হোৱা জিলা আয়ুক্তসকলক মন্ত্ৰী হাজৰীকাই এই প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত থকা মাটি অধিগ্ৰহণৰ সমস্যাসমূহো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে বেঁকী আৰু বুঢ়ীদিহিং নদীৰ খহনীয়া ৰোধৰ বাবে অহা জানুৱাৰী মাহৰ ভিতৰত কামসমূহ আৰম্ভ কৰিব পৰাকৈ সকলো প্ৰয়োজনীয় প্ৰশাসনিক কাম সমাধান কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :Amrit Kalash Yatra : ছাত্ৰ-ছাত্ৰীক অমৃত কলহ যাত্ৰা কৰোৱা মুখ্যমন্ত্ৰীৰ পত্নী-কন্যা বিদেশত ব্যস্ত প্ৰমোদ ভ্ৰমণত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.