গুৱাহাটী, ৩ অক্টোবৰ : দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে অসমত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু । পুৱা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাচত উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায় । ভেংকায়া নাইডু আদৰণি জনোৱা সময়ত কেইবাগৰাকী মন্ত্ৰী আৰু চৰকাৰী উচ্চপদস্থ বিষয়া উপস্থিত থাকে ।
গুৱাহাটীত আজিৰ দিনটোতে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ তিনিটা কাৰ্যসূচী আছে । লুইতৰ পাৰত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মুকলি কৰিব ঐতিহ্য কেন্দ্ৰ । উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ পুৰণি উপায়ুক্তৰ বাংলোত ঐতিহ্য তথা সাংস্কৃতিক কেন্দ্ৰটো উদ্বোধন কৰিব । সেইদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ এক অনুষ্ঠানটো উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অংশ গ্ৰহণ কৰিব ।
আনহাতে অসম চৰকাৰে ৰাষ্ট্ৰীয় সংহতি তথা ৰাষ্ট্ৰীয় বৰঙণিৰ বাবে আগবঢ়োৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অংশ গ্ৰহণ কৰিব । অনুষ্ঠানটো বিয়লি ৪.৩০ বজাত গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব । নাইডুৱে সোমবাৰে পুৱা মেঘালয় ভ্ৰমণৰ বাবে শ্বিলঙলৈ ৰাওনা হ’ব । আনহাতে সেইদিনাই পুনৰ নতুন দিল্লীলৈ উভতি যাব উপ-ৰাষ্ট্ৰপতিগৰাকী ।
ইফালে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ অসম আগমণৰ বাবে মহানগৰীৰ যান-বাহন আৰক্ষীয়ে মহানগৰীত চলাচল কৰা যান-বাহনৰ ক্ষেত্ৰত কেতবোৰ সাল-সলনি ঘটাইছে । জাৰি কৰা নিৰ্দেশনা অনুসৰি ৩ অক্টোবৰত ৩৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ থাকিব । পুৱা ৮ৰ পৰা নিশা ৯ বজালৈ দুয়োটা পথত সকলো গধুৰ যান-বাহনৰ চলাচল বন্ধ থাকিব ।
৪ অক্টোবৰতো ৩৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ থাকিব । পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সকলো গধুৰ যান-বাহন চলাচল বন্ধ থাকিব । সেইদৰে দেওবাৰৰ পুৱা ৬ বজাৰ পৰা কেইবাটাও পথত বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰখা হৈছে ।
লগতে পঢ়ক : উপ-নিৰ্বাচনত ইউপিপিএলৰ কোনো বিৰোধী নাই : ইউ জি ব্ৰহ্ম