গুৱাহাটী, ১২ জুন : বহু বিতৰ্কিত আই এ এছ বিষয়া(IAS officer) তথা ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনীয়া(vk pipersenia)ক এ পি ডি চি এলৰ অধ্যক্ষ পদৰ পৰা শনিবাৰে অব্যাহতি দিলে ৰাজ্য চৰকাৰে । শক্তি মন্ত্ৰী বিমল বৰা(power minister Bimal Bora)ৰ নিৰ্দেশত শনিবাৰে, উক্ত পদৰ পৰা অব্যাহতি দিয়া হয় পিপাৰচেনীয়াক ।
উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল দুয়োৰে কাৰ্যকালত মুখ্য সচিবৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ভি কে পিপাৰচেনীয়াই । সোণোৱাল চৰকাৰ দিছপুৰত অধিষ্ঠিত হৈ থাকোতেই মুখ্য সচিব পদৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে যদিও, সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে(EX CM Sarbananda Sonowal) তেওঁৰ কাৰ্যকাল ছমাহলৈ বৃদ্ধি কৰে আৰু পৰৱৰ্তী সময়ত এপিডিচিএল(APDCL)ৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰে ।
![vk pipersenia_has been released from apdcl by state government](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-pipersenia-release-apdcl-7206058_12062021192008_1206f_1623505808_302.jpeg)
মনকৰিবলগীয়া যে, মুখ্য সচিব(Chief Secretary)ৰ আসনত অধিষ্ঠিত হোৱাৰ পূৰ্বতে কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব হৈ থকা সময়ত বিয়াগোম কেলেংকাৰীৰ সৈতে সাঙোৰ খাই পৰিছিল এইজন আমোলাৰ নাম । ইপিনে, শক্তি বিভাগৰ দায়িত্ব লৈয়েই বৰ্তমানৰ মন্ত্ৰী বিমল বৰাই এপিডিচিএল(APDCL) ক লৈ তৎপৰ স্থিতি গ্ৰহণ কৰিছে । বিভাগটোৰ একাংশ শীৰ্ষ বিষয়া বিদ্যুৎ চুৰিৰ সৈতে জড়িত বুলিও তেওঁ অকপটে স্বীকাৰ কৰে ।
আনহাতে, শুকুৰবাৰেও এপিডিচিএল(APDCL)ৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক নিলম্বনৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছতে, শনিবাৰৰ দিনটোত অধ্যক্ষ পদৰ পৰা পিপাৰচেনীয়াক অব্যাহতি দিয়া ঘটনা সম্প্ৰতি তাৎপৰ্যপূৰ্ণ ৰূপে বিবেচিত হৈছে । ইফালে, পৰৱৰ্তী অধ্যক্ষ নিযুক্তি নিদিয়া পৰ্যন্ত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ ওপৰতে ন্যস্ত কৰা হৈছে এ পি ডি চি এলৰ দায়িত্ব।
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ