গুৱাহাটী, 26 জানুৱাৰীঃ 71 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে চান্দমাৰীৰ অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হয় VINTAGE CAR প্ৰদৰ্শনী মেলা ৷ 1924 চনৰ পুৰণি গাড়ীৰ পৰা আৰম্ভ কৰি বহু সংৰক্ষণ কৰি ৰখা গাড়ী লৈ গৰাকী সকলৰ ভিৰ কৰে চান্দমাৰী খেল পথাৰত ৷ এই মেলাত উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷ উল্লেখ্য যে, চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰৰ পৰা গুৱাহাটী ক্লাব হৈ গণেশগুৰিলৈকে গণৰাজ্য দিৱসৰ দিনটোত গৰাকীয়ে নিজৰ পুৰণি গাড়ী সমূহ লৈ এক ৰেলী উলিয়ায় ৷
লগতে পঢ়ক ঃ কলিয়াবৰত ৭১ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন