গুৱাহাটী,৭ জানুৱাৰী: পুনৰ বিতৰ্কত ভিক্টৰ দাস । ঘৰুৱা হিংসা, পত্নী কৰা অত্যাচাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে ভিক্টৰ দাসক(Victor Das arrested for assaulting wife) । জানিব পৰা মতে ভিক্টৰ দাস আৰু পত্নীৰ মাজত ঘৰুৱা কন্দল সৃষ্টি হোৱাত কিছুদিন পূৰ্বে পত্নীয়ে একমাত্ৰ সন্তানক লৈ মাতৃৰ ঘৰলৈ গুচি আহিছিল । শুকুৰবাৰে নিশা ভিক্টৰে শহুৰেকৰ ঘৰলৈ আহি কন্যাগৰাকীক লৈ যাবলৈ চেষ্টা কৰিছিল সেই কাৰ্যক পত্নীয়ে বাধা প্ৰদান কৰাত পত্নীক মাৰপিট কৰে(Victor Das accused of torturing his wife) ।
ইয়াৰ পিছতে পত্নীৰ পৰিয়ালৰ লোকে গোশালা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে আটক কৰে ভিক্টৰ দাসক । ঘটনা সন্দৰ্ভত IPC 323, 294, 427 ধাৰাৰ অধীনত 10/23 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । জামিনযুক্ত ধাৰাত গোচৰ ৰুজু হোৱাৰ বাবে নিশাই ভিক্টৰ দাসে জামিন লাভ কৰে । আনহাতে ভিক্টৰ দাসৰ বিৰুদ্ধে ঘৰুৱা হিংসা, পত্নী অত্যাচাৰ, ৩ বছৰীয়া কন্যা শিশু ওপৰত অত্যাচাৰ, বৈবাহিক ধৰ্ষণ, হত্যাৰ চেষ্টা আদিৰ অভিযোগ উত্থাপন হৈছে ।
উল্লেখ্য যে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে অনুষ্ঠিত হোৱা তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত টেট শিক্ষক তথা Scordemy নামৰ কোচিং ইষ্টিটউটৰ টিউৰ হিচাপে কৰ্মৰত ভিক্টৰ দাসে ধনৰ লেনদেন হোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ।
তাক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ভিক্টৰ দাসে তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হৈছিল । প্ৰতিটো পদৰ বাবে ৩ লাখ টকাৰ পৰা ৮ লাখ টকালৈ ধনৰ লেনদেন চলিছে বুলিও অভিযোগ কৰিছিল । চাকৰি কিনা বেচা প্ৰক্ৰিয়াৰ আৰত প্ৰাক্তন বিধায়ক থকা বুলিও অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে ।মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি ভিক্টৰ দাসে টুইট কৰি গ্ৰেপ্তাৰ হৈ চৰ্চালৈ আহিছিল ভিক্টৰ ।
কিন্তু CJM আদালতত হাজিৰ কৰাৰ পাছতে ভিক্টৰক মুকলি কৰি দিয়া হৈছিল । ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ আহিছিল ভিক্টৰ দাস । আৰক্ষীৰ এজাহাৰত আদালতে কোনো তথ্য বিচাৰি নোপাৱাৰ ফলতে আদালতে মঞ্জুৰ কৰিছিল অভিযোগ দিবলৈ গৈ অভিযুক্ত হোৱা ভিক্টৰ দাসৰ জামিন আবেদন ৷ আনহাতে ৬ দিনীয়া জেৰাতো আৰক্ষীয়ে কোনো তথ্য বিচাৰি পোৱা নাছিল ভিক্টৰৰ পৰা (Victor das in police custody)।
ইফালে ভিক্টৰ দাসৰ বিৰুদ্ধে আৰক্ষীয়ে আৰোপ কৰা ৬ টা ধাৰাই ভিত্তিহীন বুলি মন্তব্য কৰিছিল ভিক্টৰ দাসৰ অধিবক্তা অংশুমান বৰাই (Advocate of Victor das) ।অধিবক্তাৰ যুক্তি শুনাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল ভিক্টৰ দাসৰ জামিন আবেদন । পিছে এইবাৰ ভিক্টৰৰ বিৰুদ্ধে কিদৰে তদন্ত কৰিব আৰক্ষীয়ে সেয়া হ'ব লক্ষণীয় ।
লগতে পঢ়ক: Separate Kamatapur state : গঠন হ’ব নেকি কমতাপুৰ ৰাজ্য ?