গুৱাহাটী, ৩ অক্টোবৰ : এক বৰ্ণাঢ্য আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেওবাৰে সন্ধিয়া দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে গুৱাহাটীত প্ৰদান কৰে গোপীনাথ বৰদলৈ সংহতি-অৱদান বঁটা । ৰাজ্য চৰকাৰে এই বছৰৰ পৰা আৰম্ভ কৰা এই সন্মানীয় বঁটা প্ৰথমবাৰৰ বাবে আগবঢ়োৱা হয় জাৰ্মানীত থকা প্ৰবাসী অসমীয়া তথা বিশিষ্ট গৱেষক পণ্ডিত ড৹ নিৰোদ কুমাৰ বৰুৱা, কস্তুৰবা গান্ধী স্মাৰক ট্ৰাষ্ট অসম শাখা আৰু মেঘালয়ৰ শ্বিলং চেম্বাৰ কয়াৰলৈ ।
এই বঁটাত আছে একোখনকৈ প্ৰশস্তি পত্ৰ আৰু পাঁচ লাখকৈ টকাৰ একোখনকৈ চেক । অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বড়াও উপস্থিত থাকে । বঁটা প্ৰদান কৰি দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, তেওঁ বহু ঠাই ভ্ৰমণ কৰিছে আৰু অসমলৈও কেইবাবাৰো আহিছে । কিন্তু তেওঁ ভ্ৰমণ কৰা ঠাই সমূহৰ ভিতৰত অসম সবাতোকৈ তেওঁৰ প্ৰিয় আৰু মনোমোহা ।
আনহাতে, ভাৰতৰত্ন গোপীনাথ বৰদলৈক আধুনিক অসমৰ খনিকৰ বুলি অভিহিত কৰে উপ-ৰাষ্ট্ৰপতি নাইডুৱে । গোপীনাথ বৰদলৈ সচা অৰ্থত "লোকপ্ৰিয়" আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে সকলো জাতি জনগোষ্ঠীৰ নেতা আছিল বৰদলৈ । য'ত তেওঁৰ বাবে কোনোধৰণৰ ৰাজনৈতিক মতদ্বৈধতা নাছিল । সমগ্ৰ ৰাষ্ট্ৰই সেয়েহে তেওঁক আজিও স্মৰণ কৰে । যাৰ বাবে ১৯৯৯ চনত ভাৰত চৰকাৰে মৰণোত্তৰভাৱে তেওঁক ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰিছিল ।
আনহাতে, অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই কয় যে, যি সময়ত অসমত ছাদুল্লা চৰকাৰে Grow more Muslim নীতি গ্ৰহণ কৰিছিল, সেই সময়ত গোপীনাথ বৰদলৈয়ে বিধানসভাৰ ভিতৰত ইয়াৰ প্ৰতিৰোধ গঢ়ি তুলিছিল । অসমত জনজাতীয় আৱেষ্টনী গঢ়াৰ মূল ব্যক্তি আছিল গোপীনাথ বৰদলৈ । গ্ৰুপিঙৰ বিৰুদ্ধে থিয় দি তেওঁ অসমক ৰক্ষা কৰিছিল বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ।
লগতে পঢ়ক : উপ-নিৰ্বাচনৰ প্ৰাক্ ক্ষণত মাজুলীত উপস্থিত অখিল গগৈ