ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক চন্দন শৰ্মাৰ শেষ নিশ্বাস ত্যাগ

চিত্ৰ সমালোচক, চিত্ৰনাট্যকাৰ, লেখক, সাংস্কৃতিক কৰ্মী, বেডমিন্টন খেলুৱৈ, সাংবাদিক তথা চলচ্চিত্ৰ কিউৰেটৰ চন্দন শৰ্মাৰ বিয়োগ ৷ কৰ্কট ৰোগত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷

Chandan Sharma Death
সাংবাদিক চন্দন শৰ্মাৰ শেষ নিশ্বাস ত্যাগ
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 6:31 PM IST

নিউজ ডেস্ক, 20 ডিচেম্বৰ : ৰাজ্যবাসীৰ বাবে বুধবাৰে আহিল আন এক দুঃখবৰ ৷ অন্তিম নিশ্বাস ত্যাগ কৰিলে বহুমুখী প্ৰতিভাৰ অধিকাৰী তথা জ্যেষ্ঠ সাংবাদিক চন্দন শৰ্মাই ৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা চন্দন শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে বিশেষকৈ ৰাজ্যৰ সংবাদ জগতৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো শোকৰ ছাঁ পেলাইছে ৷

আছাম চিনে আৰ্ট ছ’চাইটি(ACAS)ৰ সৈতে জড়িত চন্দন শৰ্মাই বুধবাৰে বিয়লি ৩.৫৮ বজাত ইহ-সংসাৰ ত্যাগ কৰে ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ, অইল ইণ্ডিয়াৰ এসময়ৰ কৰ্মচাৰী, চলচ্চিত্ৰ সমালোচক, অনুবাদক, প্ৰবন্ধ লেখক, চিত্ৰ নাট্যকাৰো আছিল সদ্যপ্ৰয়াত সাংবাদিক চন্দন শৰ্মা ।

গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইন্সটিটিউটত বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰা চন্দন শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৬১ বছৰ । কৰ্কট ৰোগত আক্ৰান্ত গুৱাহাটীৰ ৰিহাবাৰীৰ নিৱাসী চন্দন শৰ্মা 2022 বৰ্ষৰ ৬ অক্টোবৰৰ পৰা মুম্বাইৰ টাটা মেম'ৰিয়েল হাস্পতাল আৰু বি বৰুৱা কেন্সাৰ ইন্সটিটিউটত চিকিৎসাধীন হৈ আছিল । অসমৰ বহুকেইখন ইংৰাজী দৈনিক কাকতত সাংবাদিকতা কৰা চন্দন শৰ্মাৰ বিচক্ষণতা আছিল সঁচাকৈ শলাগিবলগীয়া ৷

এজন সাংবাদিক হিচাবে তেওঁৰ কলমেৰে সদায়েই নিগৰিত হৈছিল বিভিন্ন ৰাজনৈতিক বিশ্লেষণৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক সমালোচনা ৷ দ্য চেন্টিনেল, দ্য নৰ্থ-ইষ্ট টাইমছকে ধৰি কেবাখনো কাকতত সাংবাদিকতাৰ অভিজ্ঞতাৰে পুষ্ট প্ৰয়াত শৰ্মা আছিল নব্বৈৰ দশকত গুৱাহাটী দুৰদৰ্শনৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা বহুকেইখন গুৰুত্বপূৰ্ণ তথ্যচিত্ৰ আৰু ধাৰাবাহিকৰো সফল চিত্ৰনাট্যকাৰ ৷ এগৰাকী ধাৰাভাষ্যকাৰ আৰু ঘোষক হিচাবেও চন্দন শৰ্মাৰ আছিল আন এক সুকীয়া পৰিচয় ৷

চিত্ৰ সমালোচক, চিত্ৰনাট্যকাৰ, লেখক, সাংস্কৃতিক কৰ্মী, বেডমিন্টন খেলৰ এসময়ৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী, চলচ্চিত্ৰ কিউৰেটৰ চন্দন শৰ্মাৰ বিয়োগত বিভিন্নজনে শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.