ETV Bharat / state

Dilip Kumar Hazarika demise: বিশিষ্ট অভিনেতা দিলীপ কুমাৰ হাজৰিকাৰ দেহাৱসান

অৱসান ঘটিল অসমীয়া ছবিৰ এটি যুগৰ । 'মণিৰাম দেৱান' চলচ্চিত্ৰত পিয়লি বৰুৱাৰ চৰিত্ৰত বলিষ্ঠ অভিনয় কৰি সহস্ৰজনৰ আপোনাৰ হৈ পৰা অভিনেতা দিলীপ কুমাৰ হাজৰিকাৰ শেষ নিশ্বাস ত্যাগ । বিশিষ্ট অভিনেতা তথা ৰাজনীতিবিদগৰাকীৰ বিয়োগত মৰ্মাহত পৰিয়ালবৰ্গৰ লগতে অসংখ্য গুণমুগ্ধ ।

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 1:48 PM IST

Veteran actor Dilip Kumar Hazarika passes away
বিশিষ্ট অভিনেতা দিলীপ কুমাৰ হাজৰিকা নাই

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: খহি পৰিল অসমীয় চলচ্চিত্ৰ উদ্যোগৰ আন এক উজ্জল নক্ষত্ৰ । বিশিষ্ট চলচ্চিত্ৰ অভিনেতা, প্ৰবীণ ৰাজনীতিবিদ, সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলীপ কুমাৰ হাজৰিকাৰ শেষ নিশ্বাস ত্যাগ । বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ থকা বিশিষ্ট অভিনেতাগৰাকীয়ে বৃহস্পতিবাৰে নিশা ৮.৩১ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

উজান বজাৰস্থিত নিজা বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ ৯০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে অভিনেতা গৰকীয়ে । অসমীয়া চলচ্চিত্ৰ অভিনয়ৰ ক্ষেত্ৰত 'মণিৰাম দেৱান' নিপ বৰুৱাৰ 'ককাদেউতা নাতি আৰু হাতী', নৰেশ কুমাৰৰ 'জীৱন সুৰভি', মুনিন বৰুৱাৰ 'পিতা-পুত্ৰ', 'প্ৰভাতী পখীৰ গান', 'নায়ক' আৰু বিজু ফুকনৰ 'ভাই ভাই' আদি ছবিত সুদক্ষ অভিনয়ৰে অসমৰ ৰাইজৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল হাজৰিকাই ।

কেৱল ছবিতেই নহয়, তেওঁৰ অভিনয় জীৱন আৰম্ভ হৈছিল 'শিৱসাগৰ নাট্য মন্দিৰ'ত মঞ্চ-নাটকৰ অভিনয়ৰ মাজেৰে, পৰাগধৰ চলিহাৰ অনুপ্ৰেৰণাৰে । আকাশবাণীৰো তেওঁ এগৰাকী স্বীকৃতিপ্ৰাপ্ত অভিনয়-শিল্পী আছিল । 'মণিৰাম দেৱান' চলচ্চিত্ৰত পিয়লি বৰুৱাৰ চৰিত্ৰত বলিষ্ঠ অভিনয় কৰি সহস্ৰজনৰ বুকুৰ আপোন হৈ পৰা প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ পৰিয়াল তথা অসংখ্য গুণমুগ্ধ ।

'মণিৰাম দেৱান' চলচ্চিত্ৰখনত থকা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ‘বুকু হম হম কৰে’ শীর্ষক কালজয়ী গীতটোত ওঁঠ মিলাইছিল প্ৰয়াত দিলীপ কুমাৰ হাজৰিকাই । অসমত নাট্য ক্ষেত্ৰখনটো যথেষ্ট অৱদান আগবঢ়াই গৈছে প্ৰয়াত শিল্পীগৰাকীয়ে । ১৯৫০ চনৰ পৰা তেওঁ উজানবজাৰৰ ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আছিল । অভিনয়ৰ লগতে ৰাজনীতিৰ ক্ষেত্ৰটো প্ৰত্যেক্ষভাৱে জড়িত আছিল দিলীপ কুমাৰ হাজৰিকা । NCP ৰ সক্ৰিয় সদস্য আছিল প্ৰয়াত হাজৰিকা ।

শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয়, "বিশিষ্ট অভিনেতা, সুলেখক তথা অধিবক্তা দিলীপ কুমাৰ হাজৰিকা ডাঙৰীয়াৰ বিয়োগৰ খবৰটিয়ে ব্যথিত কৰি তুলিছে । 'মণিৰাম দেৱান'কে ধৰি ভালেকেইখন অসমীয়া ছবিত দুৰ্দান্ত অভিনয়ৰে বিশেষ খ্যাতি অৰ্জন কৰা এইগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তিত্বৰ বিয়োগ অসমৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক বৃহৎ ক্ষতি । হাজৰিকা ডাঙৰীয়াৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।"

লগতে পঢ়ক: Police firing in Dimahasao : আৰক্ষীৰ গুলীত নিহত DNLA উগ্ৰপন্থী সংগঠনৰ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.