ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল কিশোৰ কলিতাৰ 'বীৰাংগনা'

author img

By

Published : Sep 7, 2020, 8:39 PM IST

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমীয়া তথ্যচিত্ৰ 'বীৰাংগনা'। অধিবক্তা কিশোৰ কলিতাৰ পৰিচালনাত নিৰ্মিত এই তথ্য চিত্ৰখনে বিশেষ সফলতা লাভ কৰিছে । বিগত সময়ছোৱাত নাৰী সৱলীকৰণৰ বিষয়ত তথ্যচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল কিশোৰ কলিতাই ৷ বীৰাংগনাৰ ধাৰনাক খুবেই ব্যতিক্ৰমী আখ্যা দিয়া কিশোৰ কলিতাৰ এই তথ্যচিত্ৰখনে ৮ তম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত 'স্পেচিয়েল ফেষ্টিভেল মেনশ্বন'ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল কিশোৰ কলিতাৰ 'বীৰাংগনা'
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল কিশোৰ কলিতাৰ 'বীৰাংগনা'

গুৱাহাটী,7 চেপ্টেম্বৰ : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমীয়া তথ্যচিত্ৰ 'বীৰাংগনা'। অধিবক্তা কিশোৰ কলিতাৰ পৰিচালনাত নিৰ্মিত এই তথ্য চিত্ৰখনে বিশেষ সফলতা লাভ কৰিছে । বিগত সময়ছোৱাত নাৰী সৱলীকৰণৰ বিষয়ত তথ্যচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল কিশোৰ কলিতাই ৷ বীৰাংগনাৰ ধাৰনাক খুবেই ব্যতিক্ৰমী আখ্যা দিয়া কিশোৰ কলিতাৰ এই তথ্যচিত্ৰখনে ৮ তম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত 'স্পেচিয়েল ফেষ্টিভেল মেনশ্বন'ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

2012 চনত বৰ্তমান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ প্ৰস্তাৱত আৰম্ভ হোৱা বীৰাংগনাৰ এই ধাৰণাটোৰ প্ৰতি খুবেই আকৃষ্ট হৈছিল কলিতা ৷ মহিলা সুৰক্ষাৰ বাবেই আৰম্ভ কৰা এই দলটোৰ কোনো বিশেষ তথ্যচিত্ৰ প্ৰস্তুত নোহোৱাৰ বাবেই পৰৱৰ্তী সময়ত এই ধাৰনাটিক লৈয়ে প্ৰস্তুত কৰি উলিয়াইছে তেখেতৰ বিশেষ সাফল্যমণ্ডিত তথ্যচিত্ৰ 'বীৰাংগনা'৷

কিশোৰ কলিতাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত বীৰাংগনা শীৰ্ষক তথ্য চিত্ৰখনে মুঠ ৬০খন দেশৰ ৪৯৫খন তথ্যচিত্ৰৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত কৰা হৈছিল । য'ত বিচাৰকে যুৱতীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা কিশোৰ কলিতাৰ বীৰাংগনাক বিশেষ সন্মানৰ বাবে নিৰ্বাচিত কৰে । উল্লেখ্য যে ২০১২ চনত বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ তত্বাৱধানত অসম আৰক্ষী বিভাগত সংযোজিত হৈছিল মহিলাৰ 'বীৰাংগনা' কোষ । এই তথ্য চিত্ৰখনৰ জৰিয়তে সেইসকল বীৰাংগনাৰ কঠোৰ পৰিশ্ৰম,সাহসিকতা আৰু জীৱন প্ৰণালী আদি সকলোবোৰ দিশ দাঙি ধৰাৰ প্ৰয়াস কৰিছে কিশোৰ কলিতাই । ইফালে অনলাইন যোগে অনুষ্ঠিত হোৱা এইবাৰৰ ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত সাফল্য লাভ কৰি অতিকৈ আনন্দিত কিশোৰ কলিতা । এই তথ্য চিত্ৰখন প্ৰতিগৰাকী যুৱতী-মহিলাৰ বাবে প্ৰেৰণাৰ উৎস হ'ব বুলি তথ্যচিত্ৰখনৰ পৰিচালক কিশোৰ কলিতাই প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.