গুৱাহাটী,১ মে': ক'ভিড ১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে ৭৯ গৰাকী সাংবাদিক আৰু সংবাদকৰ্মীক কৰ'ণা ভেকচিন প্ৰদান কৰা হয় । এই মহামাৰীৰ সময়তো নিজৰ কৰ্তব্যৰ খাতিৰত নিতৌ বিভিন্ন স্থানলৈ যাব লগা হয় সাংবাদিক-সংবাদকৰ্মীসকল । সেয়ে ৪৫ বছৰৰ পৰা ঊৰ্দ্ধৰ সাংবাদিক-সংবাদকৰ্মীক প্ৰদান কৰা হয় এই ভেকচিন ।
গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এই ভেকচিন প্ৰদান শিবিৰত সহযোগিতা কৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে । ইতিমধ্যে ক’ভিড ১৯ ত আক্ৰান্ত হৈ দেশজুৰি কেইবাজনো সাংবাদিকে প্ৰাণ হেৰুৱাবলগা হৈছে । সেইসকল সাংবাদিকৰ আত্মাৰ সদগতি কামনা কৰি ভেকচিন প্ৰদান শিবিৰৰ আৰম্ভণিতে মৌন প্ৰাৰ্থনা জনোৱা হয় ।
লগতে পঢ়ক : ৰাজ্যসমূহলৈ ৮,৮৭৩ কোটি টকা আৱণ্টন কেন্দ্ৰৰ