গুৱাহাটী, 11 নৱেম্বৰঃ গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে জেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ৷ অসম চুক্তিৰ 6 নং দফা অন্তৰ্ভুক্ত কৰা কমিটিলৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ প্ৰেৰণ কৰিছে বুলি মন্তব্য কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাৰ ৷
তেওঁ লগতে দুটা পৰ্যায়ত আইনী ৰক্ষা কৱচ আৰু সংৰক্ষণৰ পোষকতা কৰে ৷ ৰক্ষা কৱচৰ মূল উদ্দেশ্য হৈছে যে, অসম চুক্তি অনুসৰি অসমে বিগত 23 বছৰে নাগৰিকত্বৰ যি বোজা বহন কৰিলে তাৰ ক্ষতিপূৰণ হিচাপে নতুনকৈ নাগৰিকত্ব পোৱা সকলে যাতে সম-অধিকাৰ নাপায় তাৰ ব্যৱস্থা কৰা । লগতে অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীক চিনাক্ত কৰি ঠাই ভিত্তিত ইয়াৰ সংৰক্ষণ কৰাৰো দাবী তোলে জেষ্ঠ অধিবক্তাজনে । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তোলাৰ লগতে 6 নং দফা সমিতিকো প্ৰথম পৰ্যায়তে ভূমি আৰু বাণিজ্যিক ব্যৱস্থাৰ ওপৰত চৰকাৰক প্ৰস্তাৱ দিবলৈ তেওঁ আহ্বান জনায় ।
লগতে চাওকঃ অসুস্থ লতা মংগেশকাৰ