ETV Bharat / state

বিকাশৰ সংকল্প লৈ সংবাদমেল সম্বোধন কৰিলে কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে - স্মৃতি ইৰাণী

"প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ নেতৃত্বত অসম তথা সমগ্র দেশতে উন্নয়নৰ যি নতুন ঢৌ সূচনা হৈছে তাৰ বাবে পুনৰবাৰ অসমত বিজেপি চৰকাৰক ক্ষমতালৈ অনাৰ বাবে অসমৰ জনসাধাৰণে সিদ্ধান্ত গ্রহণ কৰিছে"। গুৱাহাটীৰ খানাপাৰাস্থিত নির্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত মঙলবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এইদৰে মন্তব্য প্ৰকাশ কৰে কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে ।

বিকাশৰ সংকল্প লৈ সংবাদমেল সম্বোধন কৰিলে কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে

author img

By

Published : Mar 30, 2021, 10:39 PM IST

গুৱাহাটী, ৩০ মার্চ: "বিকাশৰ সংকল্প লৈ বিধানসভা নির্বাচনী যুঁজত নামি পৰা বিজেপিৰ সকলাে কার্যকর্তা আৰু দলীয় প্রার্থীয়ে গৌৰৱ অনুভৱ কৰিছে ৷ কিয়নো প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ নেতৃত্বত অসম তথা সমগ্র দেশতে উন্নয়নৰ যি নতুন ঢৌ সূচনা হৈছে তাৰ বাবে পুনৰবাৰ অসমত বিজেপি চৰকাৰক ক্ষমতালৈ অনাৰ বাবে অসমৰ জনসাধাৰণে সিদ্ধান্ত গ্রহণ কৰিছে"।

গুৱাহাটীৰ খানাপাৰাস্থিত নির্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত মঙলবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এইদৰে মন্তব্য প্ৰকাশ কৰে কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে । তেওঁ কয়, অসমত বানপানীৰ ফলত ক্ষতিগ্রস্ত অঞ্চলসমূহত জনসাধাৰণে যি প্রত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বিজেপিয়ে মিছন ব্ৰহ্মপুত্ৰৰ জৰিয়তে এই সমস্যা সমাধান কৰাৰ সংকল্প লৈছে । বিজেপিৰ বাবে অসমত বিভিন্ন প্রকল্পই গতি লাভ কৰিছে বুলি উল্লেখ কৰি ইৰাণীয়ে কয় যে, অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছৰ দিনত ২৪০০ কোটি টকাৰ আৱণ্টন দিয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ সময়ত ৯৫০০ কোটিতকৈও অধিক টকা ব্যয় কৰা হৈছে ।

"কংগ্ৰেছে দুখীয়া জনসাধাৰণৰ সুবিধাৰ বাবে বেংক একাউন্ট খােলাৰৰ প্রয়ােজন বােধ কৰা নাছিল । তাৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ দূৰদৰ্শী নেতৃত্বৰ ফলত দুখীয়া জনসাধাৰণক, জনধন যােজনাই ক’ভিদ দুযোর্গৰ সময়ত যথেষ্ট সকাহ প্রদাণ কৰিছিল । অৰুণােদয় আঁচনিৰ অধীনত ইতিমধ্যে ২২ লাখ মহিলাক প্রতিমাহে ৮৩০ টকাকৈ প্ৰদান কৰা হৈছে । বিজেপি চৰকাৰ অসমত পুনৰ শাসনলৈ অহাৰ পাচত এই ধনৰাশিৰ পৰিমাণ ৩০০০ টকালৈ বৃদ্ধি কৰা হ'ব ৷" সংবাদমেলত ইৰাণীয়ে কয় ৷

ৰাহুল গান্ধীয়ে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক অসমৰ পৰিচয় বুলি কৰা মন্তব্যক কটাক্ষ কৰি শ্ৰীমতী ইৰাণীয়ে কয়, অসমৰ গৌৰৱ বুলি কলে মা কামাখ্যাৰ পবিত্র ভূমি, লােকপ্রিয় গােপীনাথ বৰদলৈ অৱদানৰ কথাহে যে উল্লেখ কৰিব লাগে সেই বিষয়েও কংগ্ৰেছী নেতা গৰাকীৰ সামান্যতমাে জ্ঞান নাই । নিজৰ ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰাখিবৰ বাবে এআইইউডিএফৰ বােকোচাত উঠা কংগ্ৰেছে কেনেদৰে অসমৰ ভৱিষ্যৎ নির্মাণ কৰিব বুলিও কেন্দ্রীয় মন্ত্রী গৰাকীয়ে প্রশ্ন উত্থাপন কৰে ।

উল্লেখ্য যে, মংগলবাৰৰ সংবাদ মেলত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ কেন্দ্রীয় প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্ৰীয় মুখপাত্র কে কে শর্মা, বিজেপি অসম প্ৰদেশৰ অর্থনৈতিক কোষৰ আহ্বায়ক ড০ দেৱজিৎ মহন্তৰ লগতে সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকে ৷

লগতে পঢ়ক:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.