ETV Bharat / state

Sudakshina Sharma: প্ৰয়াত সুদক্ষিণা শৰ্মাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল - সুদক্ষিণা শৰ্মা

সদ্য প্ৰয়াত প্ৰথিতযশা শিল্পী সুদক্ষিণা শৰ্মাৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন সোণোৱালৰ ৷

Sudakshina Sharma
Sudakshina Sharma
author img

By

Published : Jul 6, 2023, 10:36 PM IST

প্ৰয়াত সুদক্ষিণা শৰ্মাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী,৬ জুলাই: অলপতে দেহাৱসান ঘটা বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ গুৱাহাটীস্থ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল । বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্রীগৰ‍াকীয়ে সদ্যপ্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে ।

সোণোৱালে শিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি তেওঁলোকৰ সৈতে ভাৱ বিনিময় কৰে । সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে প্ৰতিজন অসমীয়াৰ মন-প্ৰাণত গুঞ্জৰিত হৈ থাকিব সুদক্ষিণা শৰ্মা বাইদেউৰ সেই চিৰপৰিচিত কণ্ঠ । যোৱা 3 জুলাইত অসমবাসীক শোকাহত কৰি পৰলোকগামী হোৱা প্ৰথিতযশা কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা বাইদেউৰ গুৱাহাটীস্থিত বাসগৃহত আজি উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ।

তেওঁ লগতে কয়, ‘‘বাইদেউৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো । সংগ্ৰামৰ লগ্নত আজীৱন সম্পৃক্ত হৈ বাইদেৱে বহু কষ্ট আৰু নিৰলস সাধনাৰে অসমৰ সাংস্কৃতিক জগতক সমৃদ্ধ কৰি থৈ গৈছে । বাইদেউক আমি সদায়েই জীয়াই ৰাখিম আমাৰ মনগহনত । শিল্পীগৰাকীয়ে সদায়ে সমাজখনক সজীৱ কৰি ৰাখিছিল ।’’ শিল্পীগৰাকীৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰোঁ বুলিও তেওঁ কয় ।

উল্লেখ্য যে অসমৰ সাংস্কৃতিক জগতখনত এক শূণ্যতাৰ সৃষ্টি কৰি ৩ জুলাইত মৃত্যুক সাৱটি লৈছিল বিশিষ্ট শিল্পীগৰাকীয়ে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্যজনিত সমস্যাৰ বাবে ২৩ জুনত ভৰ্তি হৈছিল বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা । কিন্তু অৱশেষত নিয়তিৰ ওচৰত তেওঁ হাৰ মানিছিল । মৃত্যুৰ পাচত শিল্পীগৰাকীৰ ইচ্ছা অনুসৰিয়ে জি এম চি এইছ কৰ্তৃপক্ষই চকুযুৰি সংগ্ৰহ কৰিছিল ।

আনহাতে জীৱিত অৱস্থাতে তেওঁ তেওঁৰ নশ্বৰ দেহ দান কৰি গৈছিল । নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ কন্যা সুদক্ষিণা শৰ্মাই ১৯৩৪ চনৰ ৮ আগষ্টত গুৱাহাটীৰ ভৰলুমুখত জন্ম গ্ৰহণ কৰিছিল । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মাই ১৯৫৪ চনৰ ১২ আগষ্টত গণশিল্পী, লেখক দিলীপ শৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । অভিজাত পৰিয়ালত জন্ম গ্ৰহণ কৰা সুদক্ষিণা শৰ্মাই শৈশৱতে জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ দৰে ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল ।

লগতে পঢ়ক: Lok Sabha election 2024: গুৱাহাটীত দেশৰ 12 খন ৰাজ্যৰ বিজেপি নেতৃত্বৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.