ETV Bharat / state

মিজোৰামত ৬ খন আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

author img

By

Published : Mar 4, 2022, 8:45 AM IST

মিজোৰামত ২৪ টা আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ শুভ উদ্বোধন (Sonowal inauguration of 24 AYUSH Health and Wellness Centres in Mizoram) । মিজোৰাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰচলিত ঔষধ প্ৰণালীকে ধৰি ভাৰতৰ সমৃদ্ধময় পৰম্পৰাগত ঔষধি পদ্ধতিৰ সৰ্বাংগীণ বিকাশ আৰু প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ । দুদিনীয়া ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে নাগালেণ্ডত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ক ডিমাপুৰত সাক্ষাৎ কৰে ।

Union Minister Sonowal Visited in Nagaland
মিজোৰামত ২৪ টা আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ শুভ উদ্বোধন

গুৱাহাটী, 4 মাৰ্চ : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে মিজোৰামৰ ৰাজধানী আইজলত আয়োজিত এক গুৰুত্বপূর্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে । আয়ুষ মন্ত্ৰালয় আৰু মিজোৰাম চৰকাৰৰ সহযোগিতা আয়োজিত এই অনুষ্ঠানত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৫০ খন বিছনাযুক্ত তিনিখন আৰু ১০ খন বিছনাযুক্ত মুঠ ৬ খন আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে (Sonowal lays foundation stone of six AYUSH hospitals in Mizoram)।

৫০ বিছনাযুক্ত এই তিনিখন চিকিৎসালয় আইজল, চম্পাই আৰু হনথিয়েলত স্থাপন কৰা হ'ব । আনহাতে, ১০ বিছনাযুক্ত আয়ুষ চিকিৎসালয় তিনিখন খাওজল, ছাইতুল আৰু হটকীত বিকশিত কৰা হ'ব । মিজোৰামৰ আয়ুষ খণ্ডক অধিক গতিশীলতা প্ৰদানৰ বাবে একেটা অনুষ্ঠানতে ২৪ খন আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰো উদ্বোধন কৰা হয় ৷ মিজোৰামৰ আয়ুষ খণ্ডৰ উত্তৰণ আৰু জনসাধাৰণে সহজলভ্য স্বাস্থ্যসেৱা লাভ কৰাত এই আন্তঃগাঁথনিসমূহে এক সৱল ভূমিকা পালন কৰিব বুলি সোণোৱালে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰম্পৰাগত ভাৰতীয় চিকিৎসা প্ৰণালী আৰু ঔষধৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু উত্তৰ-পূবৰ পৰম্পৰাগত ঔষধ প্ৰণালীয়ে আধুনিক স্বাস্থ্যসেৱাত উপশমকাৰী, প্ৰতিৰোধমূলক, নিৰাময়কাৰীৰ ভূমিকা কিদৰে পালন কৰিব পাৰে, তাৰ বিষয়ে বিতংকৈ সদৰি কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মিজোৰাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰচলিত ঔষধ প্ৰণালীকে ধৰি ভাৰতৰ সমৃদ্ধময় পৰম্পৰাগত ঔষধি পদ্ধতিৰ সৰ্বাংগীন বিকাশ আৰু প্ৰচাৰৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰে (Ayush Ministry working on developing Ayush infrastructure facility in Mizoram)।

লগতে পঢ়ক : All clear drive in Guwahati: গুৱাহাটী মহানগৰীত পৰিবহণ বিভাগৰ 'অল ক্লিয়াৰ' অভিযান

ৰোগী যত্ন ব্যৱস্থাপনাত আয়ুষৰ ভূমিকা সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে কয় যে, আয়ুষৰ পৰম্পৰাগত ঔষধ প্ৰণালী বিজ্ঞানৰ দৃষ্টিকোণেৰে কাৰ্যকৰী আৰু যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হৈছে । ৰোগীৰ উপশম আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে সামগ্ৰিক দৃষ্টিভংগীত প্ৰতিৰোধমূলক আৰু নিৰাময়কাৰী দুয়োটা দিশ অন্তর্ভুক্ত থাকে । আয়ুষৰ পৰম্পৰাগত ঔষধি পদ্ধতিবোৰে এই দুয়োটা দিশৰে যত্ন লৈ আহিছে ।

৬ খন আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

প্ৰচলিত ঔষধ পদ্ধতিৰ বিজ্ঞানসন্মত গৱেষণা, ব্যৱহাৰ আৰু প্ৰসাৰৰ বাবে আয়ুষ মন্ত্ৰালয়ে উত্তৰ-পূৱৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত থকা স্থানীয় স্বাস্থ্য পৰম্পৰা, মৌখিক স্বাস্থ্য পৰম্পৰা আৰু এথন' মেডিচিনেল প্ৰথাৰ মূল্যাংকন আৰু বৈধতা প্ৰদানৰ বাবে এক বহুকেন্দ্ৰিক গৱেষণা প্ৰকল্প পৰিচালনা কৰি আছে বুলি সোণোৱালে কয় । ভাষণ প্ৰসংগত সৰ্বানন্দ সোণোৱালে কয় যে, এক্ট ইষ্ট নীতিৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৱ ভাৰতক আটাইতকৈ গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে চিহ্নিত কৰিছে ।

লগতে পঢ়ক : Agriculture University convocation: অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাৱৰ্তন

আনহাতে, মিজোৰামক দেশৰ মানৱ সম্পদৰ অন্যতম গুৰুত্বপূর্ণ প্ৰাণকেন্দ্ৰ হিচাপে অভিহিত কৰি সোণোৱালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ সৱল নেতৃত্বৰো ভূয়সী প্ৰশংসা কৰে । অনুষ্ঠানত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী ড৹ আৰ লালথাংগলিয়ানা, সাংসদ চি লাল্টনথাংগা, স্থানীয় বিধায়ক প্ৰমুখ্যে উচ্চপদস্থ বিষয়া আৰু অন্যান্য গণ্যমান্য লোক উপস্থিত আছিল । ইফালে বৃহস্পতিবাৰে মিজোৰামৰ দুদিনীয়া ভ্ৰমণসূচী সামৰি সোণোৱাল উপস্থিত হয় নাগালেণ্ডত (Union Minister Sonowal Visited in Nagaland) ।

আয়ুষৰ পৰম্পৰাগত ঔষধ প্ৰণালী বিজ্ঞানৰ দৃষ্টিকোণেৰে কাৰ্যকৰী

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে নাগালেণ্ডত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ক ডিমাপুৰত এক সৌহাৰ্দপূৰ্ণ সাক্ষাৎ কৰে । সাক্ষাৎকালত দুয়োগৰাকী নেতাই নাগালেণ্ড তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰা, আয়ুষ খণ্ডৰ বিকাশ, অসম-নাগালেণ্ডৰ সাতামপুৰুষীয়া সম্প্ৰীতি শক্তিশালী কৰা আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে ।

লগতে পঢ়ক : Majuli By Election 2022 : মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.