ETV Bharat / state

হিট এণ্ড ৰানৰ বিৰোধিতাৰে অসমত মটৰ শ্ৰমিকৰ ৪৮ ঘন্টীয়া চকা বন্ধ

Drivers protest against hit and run : অহা ৫ আৰু ৬ জানুৱাৰীত ৰাজ্যজুৰি ৪৮ ঘন্টাৰ বাবে বন্ধ থাকিব সকলো যাত্ৰীবাহী বাছ তথা অন্যান্য যান-বাহন ৷ এই কথা ঘোষণা কৰিছে যৌথ মঞ্চৰ বিষয়ববীয়া বীৰেণ শৰ্মাই ।

Drivers protest against hit and run
অসমত মটৰ শ্ৰমিকৰ ৪৮ ঘন্টীয়া চকা বন্ধ
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 2:19 PM IST

অসমত মটৰ শ্ৰমিকৰ ৪৮ ঘন্টীয়া চকা বন্ধ

গুৱাহাটী, ৪ জানুৱাৰী : বিজেপি চৰকাৰে নতুনকৈ আৰোপ কৰা ‘হিট এণ্ড ৰান’ শীৰ্ষক নতুন আইনৰ বিৰোধিতা কৰি অসমৰ মটৰ শ্ৰমিকসমূহৰ যৌথ মঞ্চই অহা ৫ আৰু ৬ জানুৱাৰীত ৰাজ্যজুৰি ৪৮ ঘন্টা যান-বাহন বন্ধ ৰাখি ধর্মঘট কাৰ্যসূচীৰ ঘোষণা কৰিছে ।‌ বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত যৌথ মঞ্চৰ বিষয়ববীয়া বীৰেণ শৰ্মাই এই কথা ঘোষণা কৰে ।

তেওঁ কয় যে এই বন্ধ সকলো বাহনৰ সংগঠনে সমৰ্থন কৰিছে । এই‌সময়ছোৱাত অসমত সকলো যাত্ৰীবাহী বাছ, মেজিক, অট’, চিটীবাছ, ওলা, উৱেৰৰ বাহন, নৈশ বাছ, ট্ৰাক আদি বন্ধ থাকিব । তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চনতে “ৰোড টেন্সপোৰ্ট এণ্ড চেফটি বিল-২০১৪” ৰ জৰিয়তে মটৰ পৰিবহন শ্ৰমিক, ক্ষুদ্ৰ মালিক আৰু স্ব-নিয়োজিত পৰিবহন শ্ৰমিকক তথা সামগ্ৰীকভাৱে পৰিবহণ খণ্ডটোক ব্যক্তিগত কৰাৰ লক্ষ্যৰে বিভিন্ন শ্ৰমিক বিৰোধী আইন প্ৰণয়নৰ চেষ্টা চলাই আহিছে ।

২০১৭ চনত এম ভি আইনখন বিভিন্ন সংশোধনী সোমোৱাই ক’ভিডৰ সময়ত অর্থাৎ ২০১৯ চনত উক্ত বিলখন আইনত পৰিণত কৰে । এই সংশোধনীত চালক-কৰ্মচাৰী আৰু সাধাৰণ গাড়ী মালিকৰ ক্ষতিকাৰক বহু বিষয় আছে । তেওঁ কয় যে ‘হিট এণ্ড ৰান’ নামেৰে আন এক আইন গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰে ।

‘হিট এণ্ড ৰান’ আইনৰ অৰ্থ হৈছে যে এগৰাকী চালকৰ দ্বাৰা যদি এক দুর্ঘটনা হয় আৰু তাত কোনো পদচাৰী অথবা বাইক চালক আহত অথবা মৃত্যু হয় আৰু পিচত যদি চালকজনে পলায়ন কৰে তেনেহ’লে তেওঁৰ ১০ বছৰ পৰ্যন্ত জেল আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমনা হ’ব ।

যদি পলায়ন নকৰি ওচৰৰ থানাত খবৰ আৰু আহত হোৱা লোকক চিকিৎসালয়লৈ লৈ যায় তেনেহ'লে তেওঁৰ শাস্তি আধা হ’ব । যদিহে চালকজনৰ কোনো ধৰণৰ দোষ নতুৱা ভুল নাথাকে তথাপিও তেওঁৰে শাস্তি হ'ব ৷ বীৰেণ শৰ্মাই আৰু কয় যে এনে উদাহৰণো পোৱা যায় যে যিকোনো এটা দুর্ঘটনা ঘটিলে চালকজনৰ দোষ নাথাকিলেও তাত থকা ৰাইজৰ একাংশই চালকজনক প্ৰথমতে মাৰপিট আৰম্ভ কৰে ৷ আনকি এই মাৰপিটত চালকৰ মৃত্যু পর্যন্ত হয় বুলি বাতৰি পোৱা যায় ।

এই সন্দৰ্ভত যৌথ মঞ্চৰ বিষয়ববীয়া এ ৰেজ্জাক আহমেদে কয় যে এয়া আন্দোলনৰ আৰম্ভণিহে । চৰকাৰে আকোঁৰগোজ হৈ থাকিলে পৰৱৰ্তী সময়ত এই আন্দোলন অব্যাহত থাকিব । ইপিন যৌথ মঞ্চৰ বিষয়ববীয়া ৰবীন্দ্ৰনাথ কুমাৰ দত্তই কয় যে এই আইনৰ বাবে চালকসকলে এতিয়া বাহন চলাবলৈ ভয় কৰা হৈছে । এইখন এখন ক’লা আইন‌ বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক : হিট এণ্ড ৰাণ আইনৰ বিৰুদ্ধে কাছাৰত চালকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.