ETV Bharat / state

Death of Encounter victim: আলফা(স্বা)ৰে সম্পৰ্ক নাছিল এনকাউণ্টাৰত নিহত সুৰজ গগৈৰ - আলফাৰ সৈতে সম্পৰ্ক নাছিল সুৰজ গগৈৰ

অসম আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱা শিৱসাগৰৰ সুৰজ গগৈৰ বুধবাৰে মৃত্যু হোৱাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা(স্বা)য়ে (ULFA(I) reacts on death of Suraj Gogoi) ৷ আলফা(স্বা)ৰ লগত সম্পৰ্ক থকাৰ সন্দেহত আটক কৰাৰ পিছত এনকাউণ্টাৰ কৰা সুৰজ গগৈ সংগঠনটোৰ সৈতে জড়িত নাছিল বুলি এক বিবৃতিৰ জৰিয়তে স্পষ্ট কৰিছে আলফা(স্বা)য়ে ৷

Death of Encounter victim
আলফা(স্বা)ৰে সম্পৰ্ক নাছিল এনকাউণ্টাৰত নিহত সুৰজ গগৈৰ
author img

By

Published : Apr 6, 2022, 10:56 PM IST

গুৱাহাটী, ৬ এপ্ৰিল: আলফাৰ সৈতে সম্পৰ্ক নাছিল সুৰজ গগৈৰ । সুৰজ গগৈৰ মৃত্যুৰ পিছতে এক বিবৃতিৰ জৰিয়তে আলফা স্বাধীনে এই বিষয়ে স্পষ্ট কৰিছে (ULFA I reacts on death of Suraj Gogoi)। বিগত ৩ মাৰ্চত আৰক্ষীয়ে আলফাৰ যোগাযোগকাৰী বুলি সন্দেহ কৰি সুৰজ গগৈক আটক কৰাৰ পৰৱৰ্তী সময়ত গুলীয়াই আহত কৰিছিল । আৰক্ষীৰ গুলী লাগিছিল সুৰজ গগৈৰ ভৰিত । ইয়াৰ পিছতে দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা সুৰজ গগৈয়ে ৫ এপ্ৰিলত মৃত্যুক সাৱটি লয় ।

সুৰজ গগৈৰ মৃত্যুৰ পিছতে মঙলবাৰে আলফা (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ হৈ কেপ্তেইন ৰুমেল অসমে এক বিবৃতি প্ৰকাশ কৰে । বিবৃতিটোত কোৱা হয় যে সুৰজ গগৈ নামৰ নিৰীহ যুৱকজনক ‘সংযুক্ত মুক্তী বাহিনী, অসম (স্বাধীন)’ সংগঠনৰ যোগাযোগকাৰীৰ সন্দেহত চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পাশৱিক নিৰ্যাতন চলোৱাৰ পিছত সুস্থ মগজুৰে ভৰিত গুলী কৰি চিকিৎসালয়ৰ বিছনাত পেলাই থৈ যায় । এমাহ ধৰি মৃত্যুৰ সৈতে যুঁজি অৱশেষত ৫ এপ্ৰিল তাৰিখে তেওঁ মৃত্যুক সাৱটি ল'বলগা হয় । তেওঁৰ অকাল মৃত্যুত আলফা স্বাধীনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

ইফালে সুৰজ গগৈ আলফাৰ সৈতে জড়িত নাছিল যদিও তেওঁক সংগঠনটোৱে ‘অমৰ মৃতক’ ঘোষণা কৰিছে । ইয়াৰ উপৰি সুৰজ গগৈক অমানৱীয় অত্যাচাৰেৰে হত্যা কৰা কাৰ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে হৈছিল নে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ নিৰ্দেশ মৰ্মে হৈছিল সেই বিষয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক অসমৰ ৰাইজৰ আগত স্পষ্ট কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ।

উল্লেখ্য যে আলফা স্বাধীনৰ লগত জড়িত থকাৰ সন্দেহত এনকাউণ্টাৰৰ সন্মুখীন হৈ আহত হোৱা সুৰজ গগৈ নামৰ যুৱকজনৰ মঙলবাৰে মৃত্যু হয় (Encountered youth dies at AMC)। শিৱসাগৰ জিলাৰ বেতবাৰী তামুলী বজাৰৰ চাংমাই গাঁৱৰ গুলীবিদ্ধ সুৰজ গগৈক ভৰ্তি কৰোৱা হৈছিল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত । কিন্তু চিকিৎসাধীন অৱস্থাতে মঙলবাৰে নিশা মৃত্যুবৰণ কৰে সুৰজ গগৈয়ে । ইয়াৰ পাছতে আলফা স্বাধীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে পঢ়ক: Encounter in Charaideo: চিকিৎসাধীন অৱস্থাত মৃত্যু এনকাউণ্টাৰত আহত যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.