ETV Bharat / state

Paresh Baruah Tested Covid Positive: আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ দেহত ক’ভিডৰ উপস্থিতি - Peach Talk with ULFA

ক’ভিড-19ত আক্ৰান্ত হৈছে আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ৷ ইটিভি ভাৰতক এক বিশ্বস্ত সূত্ৰই জনোৱা অনুসৰি 20 ডিচেম্বৰতে পৰেশ বৰুৱাৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে যদিও বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু বিপদমুক্ত (Paresh Baruah Tested Covid Positive)৷

Paresh Baruah Tested Covid Positive
পৰেশ বৰুৱা দেহত ক’ভিডৰ উপস্থিতি
author img

By

Published : Jan 15, 2023, 5:50 PM IST

Updated : Jan 15, 2023, 9:34 PM IST

নিউজ ডেস্ক, 15 জানুৱাৰী: ক’ভিডত আক্ৰান্ত হৈছে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা (Paresh Baruah Covid positive)৷ যোৱা 20 ডিচেম্বৰতে আলফা(স্বা)ৰ মুৰব্বীগৰাকীৰ দেহত ক’ভিড-19ৰ উপস্থিতি ধৰা পৰিছিল ৷ সম্প্ৰতি কোনো অজ্ঞাত স্থানত আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষগৰাকী চিকিৎসকৰ নিৰন্তৰ পৰ্যবেক্ষেণত আছে আৰু বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷ পৰেশ বৰুৱাৰে ঘনিষ্ঠ এক সূত্ৰই ইটিভি ভাৰতৰ আগত নিশ্চিত কৰিছে এই তথ্য ৷

উল্লেখ্য যে, বিগত কিছুদিনৰে পৰা আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতেও কোনোধৰণৰ যোগাযোগ ৰখা নাই ৷ সাধাৰণতে বিভিন্ন জটিল আৰু স্পৰ্শকাতৰ বিষয়ত বিভিন্ন সময়ত নিজৰ তথা আলফা(স্বা)ৰ স্থিতিৰ বিষয়ে অজ্ঞাত স্থানৰ পৰা ফোনযোগেই হওক অথবা আন মাধ্যমৰেই হওক সংবাদ মাধ্যমক পৰেশ বৰুৱাই অৱগত কৰি আহিছে (Paresh Baruah Interview)৷

কিন্তু লক্ষ্যণীয়ভাৱে বিগত প্ৰায় দুমাহ ধৰি বৰুৱাই কিন্তু বিষয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই ৷ এই কথাই বিদ্ৰোহী নেতাগৰাকীৰ বৰ্তমানৰ স্থিতিৰ লগতে স্বাস্থ্যৰ সন্দৰ্ভত বিভিন্ন মহলত উৎসুকতাৰ সৃষ্টি কৰিছিল ৷

দেওবাৰে পৰেশ বৰুৱাৰে ঘনিষ্ঠ সূত্ৰই ইটিভি ভাৰতক জানিবলৈ দিয়া অনুসৰি ক’ভিডত আক্ৰান্ত হোৱাৰ পিচৰে পৰা যথেষ্ট দুৰ্বল হৈ পৰিছিল 66 বছৰীয়া পৰেশ বৰুৱা (Paresh Baruah Tested Covid Positive)৷ 20 ডিচেম্বৰত বিদ্ৰোহী নেতাগৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পূৰ্বে সংবাদ মাধ্যমক দিয়া টেলিফোনিক সাক্ষাৎকাৰৰ সময়ত বিদ্ৰোহী নেতাগৰাকী কাহত আক্ৰান্ত হৈ থকাৰ উমান পোৱা গৈছিল ৷ সেয়াও ক’ভিড-19ৰে লক্ষ্যণ আছিল বুলি সম্প্ৰতি ধাৰণা কৰা হৈছে ৷ অৱশ্যে এতিয়াও সেই ৰোগৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ লাভ কৰা নাই বুলি জানিব পৰা গৈছে ৷

আনহাতে আজি আলফা(স্বা)ৰ কোনো অজ্ঞাত শিৱিৰত বিহু উদযাপন কৰাৰ খবৰ লাভ কৰা গৈছে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিচতে আলফা(স্বা) আৰু চৰকাৰৰ মাজত শান্তি আলোচনাৰ প্ৰক্ৰিয়াটোৱে এক ইতিবাচক গতি লাভ কৰিছিল ৷ পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ মাজত এই সন্দৰ্ভত মত-বিনিময়ো হৈছিল ৷ কিন্তু বিষয়টো সিমানতে ৰৈ যোৱা পৰিলক্ষিত হ’ল ৷

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই স্পষ্ট কৰিছিল যে আলফা(স্বা) আৰু চৰকাৰৰ মাজত আলোচনা সম্ভৱ নহয় (Peach Talk with ULFA)৷ আলফা(স্বা)ই দাবী কৰা অনুসৰি সাৰ্বভৌমত্বৰ বিষয়টো কোনো কাৰণতে সম্ভৱ নহয় বুলি স্পষ্ট কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on ULFA issue)৷

লগতে পঢ়ক: Magh Bihu at Barpeta Satra : সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত আজি উৰুকা, কাইলৈ বিহু

Last Updated : Jan 15, 2023, 9:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.