ETV Bharat / state

Republic Day 2023: গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান আলফা, এনএছচিএন আৰু জিপিআৰএনৰ - সংযুক্ত মুক্তি বাহিনী অসম

গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান আলফা স্বাধীনৰ ৷ এক বিবৃতিযোগে সংগঠনটোৱে জনাইছে এই কথা ৷ আলফা স্বাধীনৰ লগতে এনএছচিএন(NSCN)/জিপিআৰএন(GPRN) য়ো জনাইছে গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান ৷

গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান আলফা, এনএছচিএন আৰু জিপিআৰএনৰ
Republic Day 2023
author img

By

Published : Jan 24, 2023, 4:32 PM IST

গুৱাহাটী, 24 জানুৱাৰী: মাত্ৰ এদিনৰ পিচতে দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস(Republic day 2023) ৷ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বানেৰে পূৰ্বৰ দৰেই এইবাৰো আহিল আলফাৰ প্ৰেছ বিবৃতি(ULFA I) । এইবাৰো 26 জানুৱাৰী বৰ্জনৰ আহ্বান জনাইছে পৰেশ বৰুৱা(Paresh Baruah) নেতৃত্বাধীন সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ)ৰ লগতে এনএছচিএন(NSCN)/জিপিআৰএন(GPRN) য়ে ৷ কেপ্তেইন ৰুমেল অসম স্বাক্ষৰিত এক যৌথ বিবৃতি যোগে আলফাৰ লগতে আটাইকেইটা সংগঠনে জনাইছে এই আহ্বান ৷

প্ৰায় প্ৰতিবাৰৰ দৰেই এইবাৰো অসম আৰু নগালেণ্ড বন্ধৰ আহ্বান জনাইছে সংগঠন দুটাই ৷ আলফাই 26 জানুৱাৰীৰ নিশা 12 বজাৰ পৰা আবেলি 6 বজালৈ এই বন্ধৰ আহ্বান জনাইছে ৷ এই বন্ধত আলফাই জৰুৰীকালীন বিভাগবোৰ, সংবাদমাধ্যম আৰু ধৰ্মীয় কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ নাথাকিব বুলি বিবৃতিটোত জনাইছে ৷ পূৰ্বৱৰ্তী সময়বোৰৰ দৰেই ৰাজহুৱা স্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তো গণৰাজ্য দিৱস প্ৰত্যাখান কৰিবৰ বাবে আহ্বান আলফা স্বাধীনৰ ৷

মন কৰিবলগীয়া যে, আলফাই দীৰ্ঘদিন ধৰি দেশৰ স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাই আহিছে যদিও শেহতীয়া কিছু বছৰ ধৰি জনসাধাৰণে মুক্ত মনেৰে এনে উৎসৱ পালনৰ বাবে ওলাই আহিছে ৷ অৱশ্যে আলফাৰ 40 বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ই 2021 বৰ্ষত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ বাধা প্ৰদান কৰা নাছিল বা বৰ্জনৰ বাবে আহ্বান জনোৱা নাছিল ।

১৯৭৯ চনত স্বাধীন অসম গঢ়ি তোলাৰ বাবে এক সশস্ত্ৰ সংগ্ৰামৰ লক্ষ্যৰে আৰম্ভ কৰা আলফাই স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস উদযাপন বৰ্জন কৰি আহিছে আৰু সেই দিনবোৰত হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈ আহিছে । ইফালে, আলফা স্বাধীন আলোচনাৰ মেজলৈ আহিব লাগে বুলি ৰাজ্যত ৰাজ্য চৰকাৰ আৰু আন একাংশ লোকৰ উদ্যোগত জনমত গঢ়াৰ চেষ্টা অব্যাহত আছে ৷ লগতে আলোচনাৰ মেজলৈ আহিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বানো জনাইছে পৰেশ বৰুৱাৰ প্ৰতি ৷

এক কথাত শেহতীয়াভাৱে দেখা গৈছে যে, আলফা স্বাধীনক আলোচনাৰ বাবে অনাৰ বাবে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক সৈমান কৰোৱাৰ বাবে চৰকাৰী আৰু নাগৰিক পৰ্যায়ত প্ৰচেষ্টা আৰু আহ্বান জনোৱা এক পৰিৱেশ ৷ আনফালে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফাৰ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ‘‘এয়া আলফাৰ গতানুগতিক কাৰ্যলৈ পৰিণত হৈছে ৷ মই আশা কৰো এইবাৰ অন্যবাৰতকৈ অধিক উলহ-মালহেৰেই গণৰাজ্য দিৱস জনসাধাৰণে পালন কৰিব ৷’’- মুখ্যমন্ত্ৰীৰ মন্তব্য ৷

লগতে পঢ়ক: Republic day 2023: সাম্ভাৱ্য় কূটাঘাত ৰোধৰ পৰিকল্পনাৰে ডিব্ৰুগড়ত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.