ETV Bharat / state

সম্ভাৱনীয় লকডাউনক লৈ কি পৰিকল্পনা উদয় শংকৰৰ? - শিল্পী

কৰ’ণাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ সৰ্বত্ৰে বিয়পি পৰাৰ লগে লগে চিন্তিত হৈ পৰিছে শিল্পী সমাজ ৷ অসমৰ জনপ্ৰিয় নৃত্য পৰিচালক উদয় শংকৰে আগন্তুক 7 মে’ৰ পৰা অননলাইনযোগে আৰম্ভ কৰিব তিনিমহীয়া নৃত্য প্ৰশিক্ষণ কাৰ্যসূচীৰ ৷ শুনক তেওঁৰ মুখেৰেই...

uday-sankar-planning
উদয় শংকৰৰ পৰিকল্পনা
author img

By

Published : Apr 23, 2021, 8:24 PM IST

গুৱাহাটী,23 এপ্ৰিল : পুনৰ কৰ’ণাৰ ত্ৰাসত পৰিছে দেশৰ লগতে ৰাজ্যবাসী ৷ কৰ’ণা ৰোধৰ বাবে ৰাজ্যত পুনৰ লকডাউনৰ কুচ-কাৱাজ চলি থকাৰ সময়তে আশংকাত ভুগিছে শিল্পী সমাজ । ইফালে মহামাৰী কৰ’ণাৰ দ্বিতীয় ঢৌৱে জোকাৰি গৈছে দেশৰ লগতে সমগ্ৰ ৰাজ্য । দৈনিক অভাৱনীয় হাৰত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ।

অন্যান্য ক্ষেত্ৰৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত শিল্পীসকলৰ অৱস্থাও অৱনমিত হোৱাৰ দিশে গতি কৰিছে ৷ ইয়াৰ মাজতে একাংশ শিল্পীয়ে কৰ’ণা মহামাৰীৰ এই ভয়াৱহ সময়চোৱাত বিভিন্ন পৰিকল্পনা কৰা পৰিলক্ষিত হৈছে ৷

উদয় শংকৰৰ পৰিকল্পনা

এই ক্ষেত্ৰত অসমৰ জনপ্ৰিয় নৃত্য পৰিচালক উদয় শংকৰেও বান্ধিছে কঁকালত টঙালি ৷ আগন্তুক 7 মে’ৰ পৰা অননলাইনযোগে এক তিনিমহীয়া নৃত্য প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে উদয় শংকৰে ৷

উদয় শংকৰৰ লেখীয়াকৈ অন্য শিল্পীসকলেও নিবিচাৰে পূৰ্ণ লকডাউন ৷ কিয়নো বিগত বৰ্ষৰ দৰে এইবেলিও লকডাউনে জুৰুলা কৰিব সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত শিল্পী সমাজক ৷ ইফালে দৈনিক অভাৱনীয় হাৰত বৃদ্ধি পোৱা কৰ’ণা সংক্ৰমণক লৈও চিন্তিত হৈ পৰিছে শিল্পী সমাজ ৷ এনে ক্ষেত্ৰত অনলাইনৰ দৰে পথ বাছি লৈছে একাংশ শিল্পীয়ে ৷

লগতে পঢ়ক : ভিতালী দাসলৈ শেষ শ্ৰদ্ধা কৃষ্ণমণি নাথৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.