ETV Bharat / state

ক’ভিডত আক্ৰান্ত পুৰোহিতক লৈ চিন্তিত পূজা আয়োজক সমিতি

author img

By

Published : Oct 24, 2020, 8:43 PM IST

স্বাস্থ্য বিভাগৰ ফালৰ পৰা খবৰ আহিল সংকট মোচন আশ্ৰমৰ দুয়োজন মূল পুৰোহিত ক‘ভিডত আক্ৰান্ত হৈছে । আৰু তাৰ পাছতেই হাহাকাৰ লাগিল আয়োজক সমিতিৰ । কিয়নো ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে দুয়োজন পুৰোহিতকে লৈ যোৱা হ'ল খানাপাৰাৰ ক’ভিড হাস্পতাললৈ ।

covid-positive
covid-positive

গুৱাহাটী, 24 অক্টোবৰ : ১৯৮৮ চনতেই প্ৰতিষ্ঠা লাভ কৰা গুৱাহাটী মহানগৰীৰ এখন বিশেষ আশ্ৰম সংকট মোচন আশ্ৰম। প্ৰতিষ্ঠা কালৰে পৰা আশ্ৰম খনে আয়োজন কৰি আহিছে শাৰদীয় দুৰ্গোৎসৱ। এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছিল সংকট মোচন আশ্ৰমৰ দূর্গা পূজাই। ৰূপালী জয়ন্তী বৰ্ষৰ পূজাভাগ এইবাৰ মহা উছাহেৰে আয়োজন কৰিছিল আশ্ৰম কৰ্তৃপক্ষই । ষষ্ঠীলৈকে সকলো ঠিকেই চলি আছিল ।

ক’ভিডত আক্ৰান্ত পুৰোহিতক লৈ চিন্তিত পূজা আয়োজক সমিতি

কিন্তু মহা সপ্তমীৰ পুৱাহে ঘটিল অথন্তৰ । স্বাস্থ্য বিভাগৰ ফালৰ পৰা খবৰ আহিল সংকট মোচন আশ্ৰমৰ দুয়োজন মূল পুৰোহিত ক‘ভিডত আক্ৰান্ত হৈছে । আৰু তাৰ পাছতেই হাহাকাৰ লাগিল আয়োজক সমিতিৰ । কিয়নো ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে দুয়োজন পুৰোহিতকে লৈ যোৱা হ'ল খানাপাৰাৰ ক’ভিড হাস্পতাললৈ ।

সম্প্ৰতি সকলো ভক্তৰ বাবে সংকট মোচন আশ্ৰমৰ পূজাত প্ৰৱেশৰ বাবে নিষিদ্ধ কৰা হৈছে । দুয়োজন ক’ভিড আক্ৰান্ত পুৰোহিতৰ ঠাইত পূজা সম্পন্ন কৰিছে আন এজন পুৰোহিতে । পূজাৰী জনৰ ভাষ‍্যত প্ৰকাশ পোৱা অনুসৰি মূল পুৰোহিত দুজন নাথাকিলেও সম্পূৰ্ণ আধ‍্যাত্মিকতাৰে সৈতে বৈদিক ৰীতি-নীতিৰে সম্পন্ন কৰা হ'ব মহিষমৰ্দিনীৰ পূজা ।

লগতে পঢ়ক : সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি উগ্ৰতাৰা দেৱালয়ত পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.